টাৱাঙত ৰঙা পাণ্ডাৰ নয়নাভিৰাম দৃশ্য

টাৱাঙত ৰঙা পাণ্ডাৰ নয়নাভিৰাম দৃশ্য

ডিজিটেল ডেস্কঃ অপৰূপ সৌন্দৰ্যৰ আকৰ ঈশ্বৰৰ সৃষ্টি ৰঙা পাণ্ডা। ৰঙা পাণ্ডাৰ বৈজ্ঞানিক নাম Ailurus fulgens। এই প্ৰাণীবিধৰ বসতিস্থল হিমালয়ৰ পাদদেশত তথা দক্ষিণ-পশ্চিম চীন অঞ্চলত।

এইসমূহ অঞ্চলৰ বাহিৰেও কিছু সংখ্যকে নেপাল,ভূটান আৰু উত্তৰ-পূৰ্বাঞ্চলত বসতি কৰে। সাধাৰণতে এইবিধ প্ৰাণীৰ গাৰ বৰণ মটীয়া হোৱাৰ উপৰিও বুকু আৰু ভৰিৰ অংশ ক'লা বৰণৰ। ইয়াৰ মুখৰ আকৃতি মেকুৰীৰ লগত ভালেখিনি সাদৃশ্য আছে।

ৰঙা পাণ্ডাৰ শৰীৰৰ দৈৰ্ঘ প্ৰায় ৫১-৬৩.৫ ছে.মি.,উচ্চতা ১১-১৯.১ ইঞ্চি । আনহাতে এইবিধ প্ৰাণীৰ ওজন সৰ্বাধিক ১৫ কি.গ্ৰা.লৈকে হয়।

শেহতীয়াকৈ অৰুণাচলত এই মৰম লগা প্ৰাণী বিধে পৰ্যটকৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। অৰুণাচলৰ টাৱাঙৰ জংঘলত দেখা গৈছে ৰঙা পাণ্ডাক। গছত বহি এক মোহনীয় দৃষ্টিৰে ৰঙা পাণ্ডাই সকলোকে চাই থকাৰ এক ভিডিঅ', সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে প্ৰচাৰ কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে ৰঙা পাণ্ডাৰ দৃষ্টি নন্দন দৃশ্য প্ৰচাৰৰ কৰাৰ লগে লগে সামাজিক মাধ্যমত বিয়পি পৰিছে। আনহাতে টাৱাঙত যিয়ে ৰঙা পাণ্ডাৰ নয়নাভিৰাম দৃশ্য উপভোগ কৰাৰ সৌভাগ্য ঘটিছে সিয়েই নিজৰ কেমেৰাত বন্দি কৰিছে ।

আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত মৰমৰ লগা পাণ্ডাটিৰ ভিডিঅ' প্ৰচাৰ কৰি শিৰোনামত উল্লেখ কৰে যে, "...Let us together protect them. They are important to safeguard biodiversity and maintain ecological integrity."

টাৱাঙত ৰঙা পাণ্ডাৰ নয়নাভিৰাম দৃশ্য
বিতৰ্কত হিন্দী কথাছবি "The Diary of West Bengal"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in