ইণ্ডিয়ান ইনষ্টিটিউট ফৰ ছ’চিয়েল ডেভেলপমেণ্টৰ উদ্যোগত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান...

ধেমাজিৰ আমগুৰিত ইণ্ডিয়ান ইনষ্টিটিউট ফৰ ছ’চিয়েল ডেভেলপমেণ্ট উদ্যোগত পৰিবেশন কলাৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান...
ইণ্ডিয়ান ইনষ্টিটিউট ফৰ ছ’চিয়েল ডেভেলপমেণ্টৰ উদ্যোগত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান...

ডিজিটেল সংবাদ, ধেমাজি : ইণ্ডিয়ান ইনষ্টিটিউট ফৰ ছ’চিয়েল ডেভেলপমেণ্ট ধেমাজিৰ উদ্যোগত শুকুৰবাৰে দুখনকৈ ক্ৰমে ধেমাজি আমগুৰি জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ইউনাইটেড ট্ৰাইবেল উচ্চ মাধ্যমিক বিদ্যালয়ত পৰিবেশন কলাৰ ওপৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয় ৷ বিদ্যালয় দুখনৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে প্ৰশিক্ষণপ্ৰাপ্ত কৃষ্টি দল সমূহে বিভিন্ন জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰে ৷

এই পৰিবেশন কলাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰৰ ক্ষেত্ৰত ইণ্ডিয়ান ইনষ্টিটিউট ফৰ ছ’চিয়েল ডেভেলপমেণ্টে নামৰ বে-চৰকাৰী প্ৰতিষ্ঠানটিয়ে প্ৰশংসনীয় প্ৰদক্ষেপ গ্ৰহণ কৰিছে ৷ ইণ্ডিয়ান ইনষ্টিটিউট ফৰ ছ’চিয়েল ডেভেলপমেণ্ট প্ৰতিষ্ঠানটোৰ ধেমাজি জিলাৰ সমন্বয়ক জয় প্ৰকাশ দেউৰীয়ে পৰিবেশন কলাৰ ওপৰত পৰিবেশন আৰু কৰ্মশালা সমূহে ছাত্ৰ-ছাত্ৰী সকলক গভীৰভাৱে প্ৰভাৱিত কৰাৰ লগতে অঞ্চলটোৰ চহকী কলাত্মক পৰম্পৰাসমূহ সংৰক্ষণ, প্ৰচাৰ আৰু দায়বদ্ধতাই অস্পষ্ট সাংস্কৃতিক ঐতিহ্য সংৰক্ষণত বিশেষভাৱে অৰিহণা যোগাব বুলি অৱগত কৰে ৷

এই প্ৰতিষ্ঠানটোৰ জৰিয়তে শিল্পী, ছাত্ৰ-ছাত্ৰী আৰু উৎসাহী সকলক উত্তৰ-পূব অঞ্চলৰ কলাত্মক উৎকৰ্ষতাক জড়িত কৰাই শিকিবলৈ আৰু প্ৰদৰ্শন কৰিবলৈ এখনি মঞ্চ প্ৰদান কৰি সাংস্কৃতিক প্ৰশংসা, কলাত্মক বিকাশ আৰু সম্প্ৰদায়ৰ সংযোগক লালন-পালন কৰাত যথেষ্ট সহায়ক বুলিও তেওঁ আশা প্ৰকাশ কৰে ৷

ইণ্ডিয়ান ইনষ্টিটিউট ফৰ ছ’চিয়েল ডেভেলপমেণ্টৰ উদ্যোগত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান...
কাৰ্বি আংলঙত জীৱাশ্ম উদ্ধাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in