প্ৰয়াত মাতৃৰ কথা সুঁৱৰি আবেগিক মেধাৱী ছাত্ৰী

আৰ্থিক দীনতাক নেওচি এগৰাকী মাতৃহীনা ছাত্ৰী উজলিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত

author-image
Asomiya Pratidin
New Update
প্ৰয়াত মাতৃৰ কথা সুঁৱৰি আবেগিক মেধাৱী ছাত্ৰী

ডিজিটেল সংবাদ ,ধেমাজিঃ আৰ্থিক দীনতাক নেওচি এগৰাকী মাতৃহীনা ছাত্ৰী উজলিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৷ দৰিদ্ৰতা যে কেতিয়াও শিক্ষাৰ হেঙাৰ হৈ উঠিব নোৱাৰে তাকে প্ৰমাণ কৰি দেখুৱালে ধেমাজি বিষ্ণুপুৰৰ নাথ গাঁৱৰ মোহন নাথৰ কন্যা ৰেখামনি নাথে ৷

Advertisment

ভঙা পঁজাতে থাকি দৈনিক ঘৰৰ কাম বন সামৰি তাৰ মাজতে পঢ়া শুনাত ব্যস্ত থাকে মেধাৱী ছাত্ৰী ৰেখামণি। শিশু কালতে মাতৃক হেৰুওৱা দুৰ্ভগীয়া ৰেখামণিয়ে আন ল'ৰা- ছোৱালীক মাতৃয়ে মৰম কৰা দেখা পাই অনবৰতে মাতৃৰ মৰম পাবলৈ ব্যাকুল হৈ থাকি এশ এবুৰি সমস্যাৰ মাজেৰে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷

জামুগুৰি পাঁচআলি উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰা ৰেখামণি নাথে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সমাজ বিজ্ঞানত লেটাৰ মাৰ্কসহ ৪৩৯ নম্বৰ পাই প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ হৈ ৭৩ শতাংশ লাভ কৰি অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ ৰেখামণিৰ ফলাফলক লৈ গৌৰাৱাম্বিত হৈছে পিতৃ আৰু অঞ্চলবাসী ৰাইজে ৷

উল্লেখ্য যে আৰ্থিকভাৱে জুৰুলা ছাত্ৰীগৰাকীৰ দেউতাক মোহন নাথে দিন হাজিৰা কৰি ঘৰখনৰ পোহপাল দি আছে ৷ আনহাতে সংবাদ মাধ্যমৰ সন্মুখত ছাত্ৰীগৰাকীয়ে পৰীক্ষাৰ ফলাফল সন্দৰ্ভত মাতৃৰ কথা মনত কৰি হুকহুকাই কান্দি উঠে ৷

Also Read: দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ জৈৱিক সাৰ উৎপাদন

hslc