তামুলপুৰত হাতী-মানুহৰ সংঘাত : দুজন নিহত

তামুলপুৰত হাতী-মানুহৰ সংঘাত : দুজন নিহত

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ দক্ষিণাঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱঃ ক্ৰমাৎ বৃদ্ধি হাতী মানুহৰ সংঘাত

প্ৰতিনিধিত্বমূলক ফটো

ডিজিটেল সংবাদ,তামুলপুৰ : তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ বৰনদীৰ পাৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত দুজন লোক। শুকুৰবাৰে সন্ধিয়া গ্ৰাছলেণ্ড(বগামটি) নামৰ ঠাইত সংঘটিত হৈছে উক্ত ঘটনাটো।

Advertisment

গৰু আনিবলৈ যাওঁতে হঠাৎ হাতীয়ে গছকি মাৰে লোক দুজনক। লোক দুজনৰ নাম অজয় মিন্স (৩১) আৰু ৰাজেশ তিৰকী(৩০) বুলি জানিব পৰা গৈছে। নিহত লোক দুজনৰ ঘৰ দেওচুঙা ওৰাং বস্তিৰ বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত নাগ্ৰিজুলী আৰক্ষী আৰু নাগ্ৰিজুলী বন বিভাগৰ লোকে উপস্থিত হৈছে ইতিমধ্যে। এই পৰ্যন্ত অঞ্চলটোত বনৰীয়া হাতী আছে।

Also Read: অসম আন্দোলনৰ নেতা-বিশিষ্ট সমাজকৰ্মী ধ্ৰুৱজ্যোতি বৰগোহাঞিৰ বিয়োগ

tamulpur man elephant conflict