পাঁচআলিৰ এজেণ্ট টংকেশ্বৰ বৰাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

পাঁচআলিৰ এজেণ্ট  টংকেশ্বৰ বৰাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ডিজিটেল সংবাদ,ধেমাজি : ধেমাজি জীয়াঢল সমবায় সমিতিৰ অন্তৰ্গত জামুকগুৰি পাঁচআলিৰ চৰকাৰী সূলভ মূল্যৰ সামগ্ৰীৰ এজেণ্ট টংকেশ্বৰ বৰাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ। বৰাৰ বিৰুদ্ধে বিষ্ণুপুৰ নাথ গাওঁ ,বোকাবিল আৰু বিষ্ণুপুৰ বামুনী নাথ গাঁৱৰ প্ৰায় অৰ্ধ শতাধিক পুৰুষ মহিলাই অভিযোগ প্ৰকাশ কৰে।

সেয়ে এইসকল ৰাইজে শনিবাৰে ধেমাজি খাদ্য অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ সহকাৰী সঞ্চালকৰ কাৰ্য্যালয়ত দাবী জনাই এখনি স্মাৰকপত্ৰ প্ৰদান কৰে ৷ ৰাইজে অভিযোগ কৰা মতে সমবায় সমিতিৰ এজেণ্ট টংকেশ্বৰ বৰাই ২শ খনতকৈ অধিক ৰাইজৰ অন্ন সুৰক্ষা আচঁনিৰ অধীনৰ ৰেচন কাৰ্ড প্ৰাপ্ত দৰিদ্ৰ সীমাৰেখাৰ হিতাধিকাৰীক সমপৰিমানে চাউল বিতৰণ নকৰা লগতে গাওঁকেইখনৰ ৰাইজৰ দুমাহৰ চাউল আত্মসাৎ কৰাৰো তেওঁলোকে অভিযোগ কৰিছে ৷

ইয়াৰোপৰি এজেণ্টগৰাকীয়ে চাউল আনিবলৈ যোৱা হিতাধিকাৰীক ভাল ব্যৱহাৰ নকৰাৰো ৰাইজে অভিযোগ তুলিছে ৷ গাওঁ কেইখনৰ ৰাইজে দুৰ্নীতিগ্ৰস্ত এজেণ্টজনক আতঁৰাই তৎকালীভাৱে অন্য এজনক দিয়া ব্যৱস্থা কৰিবলৈও তেওঁলোকে দাবী জনাইছে ৷

পাঁচআলিৰ এজেণ্ট  টংকেশ্বৰ বৰাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ
মেৰাপানীত চাঞ্চল্যকৰ হত্যাকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in