মেৰাপানীত চাঞ্চল্যকৰ হত্যাকাণ্ড

মেৰাপানীত চাঞ্চল্যকৰ হত্যাকাণ্ড

ডিজিটেল সংবাদ,মেৰাপানী : মেৰাপানীত শনিবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। ওৰে নিশা এজন প্ৰায় ৩০ বছৰীয়া যুৱকক বিবস্ত্ৰ কৰি শাৰীৰিক নিৰ্যাতন চলোৱাৰ পাছত হানি-খুচি হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে।

জানিব পৰা অনুসৰি, মেৰাপানী তেতেলিগুৰিৰ তোলন বৰা ওৰফে ৰূপেশ্বৰ বৰা নামৰ ব্যক্তিজনে একে গাঁৱৰে ৰাজীৱ গগৈ নামৰ যুৱকজনক নিজা বাসগৃহলৈ মাতি আনি ওৰে নিশা বিবস্ত্ৰ কৰি গৰম লোহাৰে শৰীৰৰ বিভিন্ন স্থানত আঘাত কৰে। এনদৰে অমানুসিক অত্যাচাৰ চলাই যুৱকগৰাকীক ধৃত ৰূপেশ্বৰ বৰাই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখযোগ্য যে উক্ত ঘটনা সংঘটিত হোৱাৰ দুদিন পূৰ্বে তোলন বৰাই চুবুৰীটোত সন্ত্ৰাস সৃষ্টি কৰিছিল বুলি মেৰাপানী আৰক্ষীক গাঁখনৰ গাওঁপ্ৰধানে অভিযোগ দিছিল। কিন্তু মেৰাপানী আৰক্ষীয়ে কোনোধৰণৰ গুৰুত্ব নিদিয়াত এনে ঘটনা সংঘটিত হ'বলৈ পালে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজৰ লগতে গাওঁপ্ৰধানে।

ইফালে ঘটনা সংঘটিত কৰি উলংগ অৱস্থাত পথৰ কাষত পেলাই থয় ৰাজীৱ গগৈৰ মৃতদেহ। ইতিমধ্যে তোলন বৰাক মেৰাপানী আৰক্ষীয়ে আটক কৰিছে। তোলনে আজি বহুদিনৰ আগৰে পৰা চুবুৰীটোত সন্ত্ৰাস সৃষ্টি কৰি থকা এজন মানসিক ৰোগী বুলিও ৰাইজে জানিবলৈ দিছে। আনহাতে ঘটনাস্থলীত সীমান্ত দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে।

মেৰাপানীত চাঞ্চল্যকৰ হত্যাকাণ্ড
ইটাখোলাত সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in