/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/4cfed1db-a5b6-4d9c-9e46-8ce69526b878/karma_birati.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ ধেমাজি জিলা গোটৰ ৮৫ গৰাকী কৰ্মচাৰীয়ে মঙলবাৰে আদালতৰ সন্মুখত ন্যায়িক কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ দাবীত দিনজোৰা কাৰ্য্যসূচীয়ে বিয়লি ৪ বজাৰলৈকে কৰ্ম বিৰতি পালন কৰে ৷ পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা সৰ্বাত্মক কৰ্মবিৰতি কাৰ্য্যসূচীত কৰ্মচাৰীসকলে হাতে-হাতে প্লে'কাৰ্ড লৈ দাবীসমূহ শীঘ্ৰেই কাৰ্য্যকৰী কৰাৰ শ্লো'গান দি প্ৰতিবাদ সাব্যস্ত কৰে ।
ৰাষ্ট্ৰীয় দৰমহা আয়োগৰ চেট্ৰী কমিচনৰ পৰাৰ্মশৱলী অনুসৰি অসমৰ ন্যায়িক কৰ্মচাৰীৰ সেৱা বিধি সমূহ প্ৰকাশ কৰা, পদোন্নতিৰ ক্ষেত্ৰত ২৫ শতাংশ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক সুবিধা দিয়া, পদ অনুসৰি দৰমহা প্ৰদান কৰা, ন্যায়িক কৰ্মচাৰীৰ চিকিৎসা ব্যয় উভতাই পোৱাৰ ব্যৱস্থা কৰা, গ্ৰেড অনুযায়ী বেঞ্চ ক্লাৰ্কৰ পদ সৃষ্টি কৰা, ন্যায়িক কৰ্মচাৰীৰ বিসংগতিপূৰ্ণ দৰমহা গাঁঠনি আসোঁৱাহ নিৰ্মল কৰাৰ দাবী তুলে কৰ্মচাৰীসকলে । তদুপৰি ষ্টেনোগ্ৰাফাৰ, গাড়ীচালক, ৰেকৰ্ড কীপাৰ আদিৰ বিশেষ বানচ প্ৰদান কৰা, অসমৰ মটৰ দুৰ্ঘটনা দাবী নিষ্পত্তি ন্যায়াধীকৰণৰ কাৰ্য্যালয়ত মুখ্য সহায়ক পদ, বিভিন্ন আদালতৰ কাৰ্য্যালয়ত গাণনিক, প্ৰট'কল অফিচাৰ আদি পদ সৃষ্টি কৰা, জাৰিকাৰক সকলৰ স্থায়ী ভ্ৰমন বানচ বৃদ্ধি কৰা, পদ অনুসৰি স্নাতক হাৰত দৰমহা প্ৰদান কৰা, লোক আদালতৰ কামত নিযুক্ত কৰ্মচাৰীক মূল বেতনৰ ৫ শতাংশ হাৰত পাৰিতোষিক প্ৰদান কৰা আদি দাবীৰে কৰ্মচাৰীসকলে সৰ্বাত্মক কৰ্ম বিৰতি পালন কৰে ৷
Also Read: শিলঘাট মৰাপাট কলৰ দুৰ্নীতি অভিযোগ সন্দৰ্ভত চাফাই পৰিচালন সঞ্চালকৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us