চৰাইদেউ গৰীয়াপথাৰ বৰবাম উচ্চ বিদ্যালয়ত বিশেষ শনিবৰীয়া বজাৰ...

চৰাইদেউ গৰীয়াপথাৰ বৰবাম উচ্চ বিদ্যালয়ত বিশেষ শনিবৰীয়া বজাৰ...
চৰাইদেউ গৰীয়াপথাৰ বৰবাম উচ্চ বিদ্যালয়ত বিশেষ শনিবৰীয়া বজাৰ...

ডিজিটেল সংবাদ চৰাইদেউঃ চৰাইদেউ জিলাৰ সোণাৰি শিক্ষাখণ্ডৰ অন্তৰ্গত এঙেৰা মণ্ডল সমল কেন্দ্ৰৰ অধীনস্থ গৰীয়াপথাৰ বৰবাম উচ্চ বিদ্যালয়ত আজি এক ব্যতিক্রমী দৃশ্য পৰিলক্ষিত হয়। শিক্ষানুষ্ঠানখনিত ক্ৰেতা, বিক্ৰেতাৰে মুখৰিত হৈ পৰা এখন বজাৰে আজি স্থানীয় ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

দৰাচলতে বিদ্যালয়খনিৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাবিকাসকলৰ সহযোগত আজি এখন 'শনিবৰীয়া বজাৰ' অনুষ্ঠিত কৰা হয়। য'ত শিক্ষাৰ্থীসকলক বিক্ৰেতা আৰু ক্ৰেতাৰ ৰূপত বিভক্ত কৰা হয়।

নকল মুদ্ৰা, নোট আৰু পাচলি ব্যৱহাৰ কৰি ক্ৰয় আৰু বিক্ৰয় কাৰ্যত ছাত্ৰ-ছাত্ৰীসকলক জড়িত কৰা হয়। বজাৰ মানে কি, বজাৰত এগৰাকী বিক্ৰেতাই কি দৰে সামগ্ৰী বিক্ৰী কৰে, ঘৰ এখনত কোনো সামগ্ৰী ৰাহি কৰি সেয়া বজাৰলৈ বিক্ৰীৰ বাবে নিয়া আদি বিষয় ছাত্র-ছাত্ৰীসকলক অৱগত কৰোৱাই আজিৰ এই বজাৰ অনুষ্ঠিত কৰা হয়।

ইয়াৰ দ্বাৰা শিক্ষাৰ্থীসকলক ওজন আৰু পৰিমাণৰ ধাৰণাৰ স্পষ্টতা, বাস্তৱ পৃথিৱীত ধনৰ ব্যৱহাৰ আৰু ধনৰ মূল্যৰ সজাগতা কৰাৰ লগতে শিক্ষাৰ্থীসকল আকৰ্ষিত ও আমোদজনকভাৱে উপকৃত হোৱাকৈ কাৰ্যসূচী হাতত লোৱা হয়। আজিৰ এই বজাৰত উপস্থিত থাকি সাংবাদিক বিপিন হাজৰিকা, নবুল কোঁৱৰ, দমেন বৰুৱা, জ্যেষ্ঠ ব্যক্তি তথা সমাজকৰ্মী ফুলেশ্বৰ গগৈ, ৰূপেশ্বৰ বৰুৱা, সমাজকৰ্মী সুৰেন বৰুৱা, বীৰেন দিহিঙীয়া, ৰঞ্জন কুমাৰ বৰুৱা, হলৌফুকন মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক পৱন বৰুৱা, এঙেৰা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক মেদিনী মোহন মিলি, বজাৰ সমিতিৰ সভাপতি নিৰঞ্জন কোঁৱৰ, প্ৰধান শিক্ষক দিগন্ত চেতিয়া ফুকন আৰু বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকি এই বিশেষ বজাৰখন সুকলমে অনুষ্ঠিত হোৱাত সহায়ৰ হাত আগবঢ়ায়।

চৰাইদেউ গৰীয়াপথাৰ বৰবাম উচ্চ বিদ্যালয়ত বিশেষ শনিবৰীয়া বজাৰ...
ধেমাজিত সদৌ অসম ভিত্তিত আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা আৰম্ভ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in