/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/475fc7ce-3c8d-4230-b1af-78565ad51c30/kachari.jpg)
আন্তঃজিলা মিনি জুনিয়ৰ ভলীবল প্ৰতিযোগিতা
ডিজিটেল সংবাদ, ধেমাজিঃ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ধেমাজি সদৰ আঞ্চলিক সমিতিৰ উদ্যোগত ধেমাজি জিলা ক্ৰীয়া সন্থাৰ সহযোগত আৰু অসম ভলীবল সন্থাৰ তত্বাৱধানত ধেমাজি কাছাৰী ময়দানত শনিবাৰৰ পৰা তিনিদিনীয়াকৈ সদৌ অসম আন্তঃজিলা মিনি জুনিয়ৰ ভলিবল প্ৰতিযোগিতা আৰম্ভ হৈছে । আজিৰে পৰা ১৮ সংখ্যক সদৌ অসম আন্তঃজিলা মিনি জুনিয়ৰ ল'ৰা আৰু ছোৱালী উভয় শাখাত ভলীবল প্ৰতিযোগিতাৰ আৰম্ভ হৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/72b1ba2c-3de5-4de2-bb1b-cecb0065444f/7f519e3e_608c_4423_a9ed_a1e9d8366794.jpg)
অসমৰ ১৮ খন জিলাৰ ৫২ টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিৰ প্ৰথমদিনা পুৱা ৯.৪৫ বজাত স্বচ্ছ ভাৰত কাৰ্য্যসূচীৰে শুভাৰম্ভ কৰা হয় । ইয়াৰ পিছতেই পুৱা ১০ বজাত সুকীয়া- সুকীয়াকৈ অসম ভলীবল সন্থা আৰু আটাছুৰ পতাকা উত্তোলন কৰে ক্ৰমে অসম ভলীবল সন্থাৰ উপ- সভাপতি কিৰণ গগৈ আৰু ধেমাজি জিলা তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বাবুল বুঢ়াগোঁহাইয়ে ৷ পুৱা ১০.৩০ বজাত মৈদাম তৰ্পন সমাপন কৰে তাই আহোম ছাত্ৰ সন্থাৰ উপ-সভাপতি তথা আদৰণি সমিতিৰ সম্পাদক মনোজ গগৈয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/2a481d75-8fe4-492d-abe3-f6dedc18bafa/1f6858c6_bfa2_4359_a1dd_72b4b7ef4cbf.jpg)
বিয়লি ২.০০ বজাত খেলপথাৰ উদ্ধোধন কৰে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁইয়ে ৷ বিয়লি ৩.০০ বজাত গুৱাহাটী আৰু বিশ্বনাথচাৰিআলিৰ মাজত অনুষ্ঠিত খেলেৰেই প্ৰতিযোগিতাৰ শুভাৰম্ভণী কৰে ধেমাজি ব্যৱসায় সন্থাৰ সভাপতি ঘনকৃষ্ণ বৰগোহাঁইয়ে।
Also Read: ৰাজ্য চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত ধেমাজি জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ...