উত্তাল ধেমাজি! জনজাতিৰ মৰ্য্যদা বিচাৰি আকাশ কপালে সদৌ অসম চুতীয়া ছাত্র সন্থাই

চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ, চুতীয়াৰ কীৰ্তিচিহ্ন সমূহ সংৰক্ষণ আৰু মিচিং পৰিষদৰ পৰা চুতীয়া গাঁও কৰ্তনৰ দাবীত জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
উত্তাল ধেমাজি! জনজাতিৰ মৰ্য্যদা বিচাৰি আকাশ কপালে সদৌ অসম চুতীয়া ছাত্র সন্থাই

ডিজিটেল সংবাদ,ধেমাজি: অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক শীঘ্ৰে জনজাতিৰ মৰ্য্যদা প্ৰদান কৰাৰ দাবীত সোমবাৰে সদৌ অসম চুতীয়া ছাত্র সন্থাৰ ধেমাজি জিলা সমিতিয়ে ধেমাজি নগৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৰ ৩ শতাধিক নেতা কৰ্মী সকলে ধেমাজি তিনিআলিৰ পৰা সমদল কৰি গৈ ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী পালন কৰে।

Advertisment

জিলা সমিতিৰ সভাপতি মিন্টু চুতীয়া আৰু সম্পাদক পংকজ চুতীয়াই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে, উত্তৰ পূৰ্বাঞ্চলৰ আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ ৰাইজ বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ জয়যাত্ৰাৰ দিনতো পিছপৰি ৰৈছে। বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াত সর্বোচ্চ ত্যাগ কৰা চুতীয়া সকল স্বাধীনতাৰ ৭টা দশক অতিক্ৰম কৰাৰ পাছতো আজি পর্যন্ত অৱহেলিত হৈ ৰোৱাটো দুভার্গ্যজনক বুলি উল্লেখ কৰে।

সেয়ে, জনগোষ্ঠীটোৰ সর্বাঙ্গীন উন্নয়নৰ বাবে সদৌ অসম চুতীয়া ছাত্র সন্থাই দীর্ঘদিন ধৰি দাবী জনাই অহা পাছতো চৰকাৰে আজিলৈকে গুৰুত্ব প্ৰদান নকৰাৰ প্ৰতিবাদত আজি পুনৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

লগতে অতি শীঘ্ৰে চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা, চুতীয়া জনগোষ্ঠীক স্বায়ত্ব শাসন প্রদান কৰা,চুতীয়া ৰাজ শাসন কালৰ কীৰ্তিচিহ্ন সমূহ সংৰক্ষণ,সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থা গ্ৰহণ কৰা,মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ অধীনত থকা চুতীয়া গাঁও সমূহ শীঘ্ৰে মিচিং পৰিষদৰ পৰা কৰ্তনৰ দাবী জনায়।

আজি ধেমাজি জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীয়ে। উল্লেখিত দাবী সমূহ পুৰণ নহ'লে সংগঠনটোৱে পুনৰ গণতান্ত্ৰিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাই ৷

Also Read: থালাইভা ৰজনীকান্তক এপ’ল’ হাস্পতালত ভৰ্তি...

scheduled tribe status All assam chutiya student union