গাইনদী দুয়োপাৰৰ মথাউৰি শীঘ্ৰেই নিৰ্মাণৰ দাবীত ধেমাজিত প্ৰতিবাদ...

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ স্মাৰকপত্ৰ প্ৰদান
গাইনদী দুয়োপাৰৰ মথাউৰি শীঘ্ৰেই নিৰ্মাণৰদাবীত ধেমাজিত প্ৰতিবাদ...
গাইনদী দুয়োপাৰৰ মথাউৰি শীঘ্ৰেই নিৰ্মাণৰদাবীত ধেমাজিত প্ৰতিবাদ...

ডিজিটেল সংবাদ ধেমাজিঃ গাই নৈৰ দুয়োপাৰৰ মথাউৰী বিজ্ঞান সন্মতভাৱে শীঘ্ৰে নিৰ্মাণ কৰা আৰু চিচিবৰগাঁও চুমনী গাঁৱৰ পৰা আমগুৰি (PWD) বিভাগৰ দলঙলৈ নিৰ্মাণ কৰি থকা বাওঁপাৰৰ মথাউৰীটো বেঁকাকৈ নিৰ্মাণ কৰা প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতি উদ্যোগত আৰু চিচিবৰগাঁও কেৰেকনি গাঁৱৰ ৰাইজৰ সহযোগত বুধবাৰে ধেমাজি জলসম্পদ বিভাগৰ কাৰ্য্যবাহী অভিযন্ত্ৰাৰ কাৰ্য্যালয় ঘেৰাও কৰে৷

প্ৰায় তিনি শতাধিক প্ৰতিবাদকাৰীয়ে জল সম্পদ বিভাগ কাম নাই, শীঘ্ৰেই বিজ্ঞান সন্মতভাৱে মথাউৰি নিৰ্মাণ কৰক, বিজেপি চৰকাৰ গ'বেক,সাংসদ বৰুৱাৰ কাম নাই , বিধায়ক ভূৱন পেগুৰ কাম নাই, আমাক দুয়োপাৰে মথাউৰি লাগিবই আদি প্ৰতিবাদী ধৰ্ণাৰে উত্তাল কৰি তোলে জল সম্পদ বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখ ৷

প্ৰায় আধা ঘন্টাতকৈ অধিক সময় ধৰি প্ৰতিবাদৰ অন্তত প্ৰতিবাদস্থলীতে জিলা আয়ুক্তৰ হৈ কাৰ্য্যবাহী দণ্ডাধীশে প্ৰতিবাদকাৰীসকলৰ পৰা স্মাৰকপত্ৰ গ্ৰহণ কৰে। প্ৰতিবাদীস্থলীতে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই শীঘ্ৰেই যদি ৰাইজৰ সমস্যা সমাধান নকৰে তেন্তে পুনৰ জল সম্পদ বিভাগৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

গাইনদী দুয়োপাৰৰ মথাউৰি শীঘ্ৰেই নিৰ্মাণৰদাবীত ধেমাজিত প্ৰতিবাদ...
অস্থিৰ হিমাচল, তৎপৰ বিজেপিঃ পতন হ'ব পাৰে কংগ্ৰেছ চৰকাৰ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in