AJYCP ৰ ৫ দিনীয়া শৈক্ষিক পৰিৱেশ বুজ লোৱা কাৰ্যসূচী আৰম্ভ...

AJYCP ৰ ৫ দিনীয়া শৈক্ষিক পৰিৱেশ বুজ লোৱা কাৰ্যসূচী আৰম্ভ...
AJYCP ৰ ৫ দিনীয়া শৈক্ষিক পৰিৱেশ বুজ লোৱা কাৰ্যসূচী আৰম্ভ...

ডিজিটেল সংবাদ ধেমাজিঃ প্ৰাথমিক বিদ্যালয়ৰসমূহৰ শিক্ষক গোট আৰু পৰিচালনা সমিতিক লগ কৰি বিদ্যালয় শৈক্ষিক পৰিৱেশ বুজ লোৱা উদ্দেশ্যে সোমবাৰে অসম জাতীয়াবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ এটা সঁজাতী দলে নগৰখনৰ কেইবাখনো প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰে ৷

অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা অনুসৰি ধেমাজি জিলা সমিতিৰ সঁজাতী দলটোৱে ধেমাজি বৰপাটৰীয়া প্ৰাথমিক বিদ্যালয়, কপৌহুৱা প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষক-শিক্ষয়ত্ৰী, পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু অভিভাৱকসকলৰ লগত অন্তৰংগ আলাপৰে বিদ্যালয়খনিৰ শৈক্ষিক পৰিৱেশ বুজ লয়৷

সংগঠনটোৱে সোমবাৰৰ পৰা ৩০ জুনলৈকে ৫ দিনীয়াকৈ ধেমাজি সদৰত থকা বিদ্যালয়সমূহৰ শৈক্ষিক পৰিৱেশ বুজ ল'ব ৷ ইপিনে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ আন্তঃগাঁথনি, শৈক্ষিক পৰিৱেশ আৰু ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ সমস্যাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে সংগঠনটোৰ নেতাদ্বয়ে ৷

সঁজাতী দলটোত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক বিঞ্চু শৰ্মা , ধেমাজি জিলা সমিতি সাধাৰণ সম্পাদক হিতেশ বাইলুং , আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে।

AJYCP ৰ ৫ দিনীয়া শৈক্ষিক পৰিৱেশ বুজ লোৱা কাৰ্যসূচী আৰম্ভ...
নগাওঁ চলচলিৰ গুলী চালনাঃ এজনক আটক...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in