/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/e3f30b89-40d2-4d9e-aa0c-2394a0b66dc6/kasua.jpg)
ডিজিটেল সংবাদ,কামপুৰ : কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ উদ্যোগত আৰু সভাপতি ছৈদুৰ ৰহমানৰ সঞ্চালনাত এখনি বৰ্ণাঢ্য মুকলি সভা অনুষ্ঠিত হয় ৷ শনিবাৰে অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি পৰ্ব পৰিচালনা কৰে ক্ৰমে উদীয়মান যুৱক চেলিম আহমেদ আৰু শিক্ষক হুছেইন আলীয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/606ab880-ead0-450d-a04e-cee88217c1ef/08ff7cf2_545a_4f8e_b4d8_728f74024f72.jpg)
সভাত পৰিবহন শ্ৰমিক সন্থাৰ উদ্দেশ্যৱলী আৰু গুণোৎসৱত এ আৰু এ প্লাচ গ্ৰেড পোৱা গৰুবাট মৌজাৰ ১৫খন ক্লাষ্টাৰৰ বিদ্যালয়সমূহৰ শিক্ষাৰ মানদণ্ড সম্পৰ্কে বহল ব্যাখ্যা দাঙি ধৰে সমাজ সেৱক আব্দুল জব্বাৰ, জহুৰ আলী,আৰু ৰাতুল বৰাই ৷ শিক্ষক মমবাতিৰ দৰে, আজিৰ শিশু কালিৰ ভবিষ্যত,বাল্য বিবাহ বন্ধ, ড্ৰাগছ মুক্ত আৰু সমাজ গঠনত সাংবাদিকসকলৰ ভূমিকাৰ সন্দৰ্ভত ৰসালভাৱে ভাষণ ৰাখে কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হবিবুৰ ৰহমান, মাধৱপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বাহাৰুল ইছলাম,কঠীয়াতলি শিক্ষাখণ্ডৰ বি আৰ পি ৰতন দাস আৰু মাগুৰমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল মালেকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/d7e54f26-a5e5-4d80-868e-04ba3ae59ac2/36dbac8a_95d4_491e_ab34_0bb48c1b6af1.jpg)
সভাৰ শেষত ২০২৩ বৰ্ষৰ গুণোৎসৱৰ চতুৰ্থ ৰাউণ্ডত এ আৰু এ প্লাচ গ্ৰেড পোৱা ১২২ খন শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰী,জ্যেষ্ঠ সাংবাদিক ক্ৰমে বাহাৰুল ইছলাম, আনোৱাৰ হুছেইন আৰু ৰূপজ্যোতি ভূঞাঁক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায় ৷ সভাত কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰৱণ শইকীয়া, সম্পাদক মতিউৰ ৰহমান, চৰকাৰী গাওঁবুঢ়া খাইৰুল ইছলাম,শিক্ষাবিদ তথা সাংবাদিক আনোৱাৰ হুছেইন,জ্যেষ্ঠ সাংবাদিক ৰূপজ্যোতি ভূঞাঁ ,শিক্ষক আব্দুছ ছালাম, চি আৰচিচি হবিবুৰ ৰহমান, উৎপল ডেকাকে ধৰি ভালে সংখ্যক ব্যক্তি উপস্থিত থাকে ৷
Also Read: জোনমণি ৰাভাৰ মৃত্যুৰ উচ্চস্তৰীয় ন্যায়িক তদন্তৰ দাবী প্ৰগতিশীল নাৰী সন্থাৰ