ধেমাজি বন বিভাগৰ দুনীৰ্তিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা বন বিভাগত চলি থকা অবাধ দুনীৰ্তি আৰু অনিয়মৰ বিৰুদ্ধে শুকুৰবাৰে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই জিলা বন সংমণ্ডলৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ২ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে৷
প্ৰতিবাদীসকলে "ধেমাজি বন বিভাগ হুচিয়াৰ", "শিল - বালিৰ অবৈধ সৰবৰাহ বন্ধ কৰক", "বন মাফিয়াৰ লগত মিতিৰালি বন্ধ কৰক", "বনজ সম্পদৰ অবৈধ সৰবৰাহ বন্ধ কৰক", "জিলাখনৰ পৰ্বা অভয়াৰণ্যক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰক", "দুনীতি-অনিয়মত জড়িত বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰক", "ধেমাজি বন বিভাগ নামত আছে, কামত নাই" আৰু "চোৰাং বেপাৰীক গ্ৰেপ্তাৰ কৰক" ইত্যাদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাৱস্ত কৰে৷
কাৰ্য্যসূচীৰ অন্তত প্ৰতিবাদস্থলীতে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে আতঁ ধৰা প্ৰতিবাদী সভাত জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস, আছুৰ কেন্দ্ৰীয় সমিতিৰ তথ্য সম্পাদক মন্টুৰাজ বৰুৱা, আছুৰ কেন্দ্ৰীয় কাৰ্য্যনিবাহকদ্বয় ৰাজীৱ গগৈ আৰু ৰবি কছাৰী, জিলা উপদেষ্টা দিপক শৰ্মাই বিভাগটোত চলি থকা অনিয়ম আৰু দুৰ্নীতি বন্ধ কৰিবলৈ দাবী জনায় বক্তব্য ৰাখে ৷