ধেমাজিত চকু ৰঙা পৰা ৰোগৰ সংক্ৰমণ : সজাগতা অৱলম্বন কৰিবলৈ স্বাস্থ্য বিভাগৰ আহ্বান

ধেমাজিত চকু ৰঙা পৰা ৰোগৰ সংক্ৰমণ : সজাগতা অৱলম্বন কৰিবলৈ স্বাস্থ্য বিভাগৰ আহ্বান

ডিজিটেল সংবাদ,ধেমাজি : বাৰিষা বানপানীৰ সময়ছোৱাত জাপানী এনকেফেলাইটিছ ৰোগৰ ভয়াৱহ প্ৰাদুৰ্ভাৱৰ সমান্তৰালকৈ ধেমাজিত বৃদ্ধি পাইছে চকু ৰঙা পৰা ৰোগৰ সংক্ৰমণ। এই সন্দৰ্ভত ধেমাজি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক কাৰ্যালয়ৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডাঃ যোগেন দাস আৰু জ্যেষ্ঠ চকু বিশেষজ্ঞ ডাঃ কুল চুতীয়াই বিভিন্ন তথ্য দাঙি ধৰে।

দুয়োগৰাকী চিকিৎসকে কয় যে, তথ্য মতে বিগত ২৫ দিনৰ পৰা এই ৰোগ ধেমাজিত সৰ্বাধিক সংক্ৰমণ হৈছে আৰু এই মাহৰ পহিলা আগষ্টৰ দিনটোত ১৯ গৰাকী, ২ আগষ্টত ২৪ গৰাকী আৰু ৩ আগষ্টত ২০ গৰাকী লোক চকু ৰঙা পৰা ৰোগত আক্ৰান্ত ৰোগী হিচাপে চিনাক্ত কৰা হৈছে ৷ সেয়ে এই সময়ছোৱাত এনে ৰোগীয়ে ব্যৱহাৰ কৰা কাপোৰ কোনো সুস্থ লোকে ব্যৱহাৰ কৰিব নালাগে ৷

অসুখ হৈ থকা সময়ত ৰোগীজনে চুইমিংপুলত গা ধুব নালাগে,সঘনাই পানীৰে চকু পৰিস্কাৰ কৰিব নালাগে,হাত পৰিস্কাৰকৈ ধুব লাগে আদি বিভিন্ন সাৱধানতা অৱলম্বন কৰাৰ বাবে ৰাইজক আহ্বান জনায়। ইফালে সংক্ৰমণ ৰোধ কৰাৰ লগতে চকু বিশেষজ্ঞ তথা চিকিৎসকসকলৰ পৰামৰ্শ মতে চিকিৎসা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

জিলা অন্ধতা নিবাৰণ সমিতিৰ নৰ্ডেল বিষয়া ডাঃ চুতীয়াই জনোৱা মতে এই অসুখ সম্পৰ্কে সজাগতা কৰাৰ উদ্দেশ্য জিলাখনৰ ৫টা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ডাক্তৰ,নাৰ্চ আৰু ৰাইজৰ সৈতে বিভিন্ন সময়ত সজাগতা সভা অনুষ্ঠিত কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে ৷

ধেমাজিত চকু ৰঙা পৰা ৰোগৰ সংক্ৰমণ : সজাগতা অৱলম্বন কৰিবলৈ স্বাস্থ্য বিভাগৰ আহ্বান
ডুৰাণ্ড কাপ : নৰ্থ-ইষ্ট ইউনাইটেডৰ হাতত পৰাস্ত লাজং এফ চি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in