ধেমাজিত ৮ ড্ৰাগছ আসক্ত যুৱকক আটকঃ নিষিদ্ধ হেৰ'ইন উদ্ধাৰ...

জব্দ ৬ টা মোবাইল ফোন আৰু এখন বাইক
ধেমাজিত ৮ ড্ৰাগছ আসক্ত যুৱকক আটকঃ নিষিদ্ধ হেৰ'ইন উদ্ধাৰ...
ধেমাজিত ৮ ড্ৰাগছ আসক্ত যুৱকক আটকঃ নিষিদ্ধ হেৰ'ইন উদ্ধাৰ...

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজিত নিষিদ্ধ ড্ৰাগছসহ আঠজন যুৱকক বুধবাৰে বিয়লি ধেমাজি সদৰ আৰক্ষীয়ে আটক কৰিছে। তেওঁলোকৰ পৰা জব্দ কৰিছে কণ্টেইনাৰসহ ১৯.২গ্ৰাম হেৰ’ইন।

আটাই কেইগৰাকীকে যুৱককে আৰক্ষীয়ে ড্ৰাগছ আসক্ত অৱস্থাত আটক কৰিছে ৷ জানিব পৰা মতে ধেমাজি সদৰ আৰক্ষী থানাৰ পৰা প্ৰায় দুই কিলোমিটাৰ নিলগৰ তুলসীবাৰীত আৰক্ষীয়ে এক গোপন সূত্ৰৰ আধাৰত চলোৱা অভিযানত তেওঁলোক ধৰা পৰে।

আটকাধীন যুৱক কেইজন ক্ৰমে কৃষ্ণ শইকীয়া(২৬), শচিন্দ্ৰ চুতীয়া(৩৫), বিনোদ দিহিঙীয়া(২১), দিপজ্যোতি চাংমাই (১৯), ভৰত বৰা(১৯), মন্টু বৰা(২৪), মঃ চহিদুল ইছলাম(৪০) আৰু চাদ্দাম হুছেইন(২৫)। ইয়াৰে মঃ চহিদুল ইছলাম আৰু চাদ্দাম হুছেইন হৈছে নগাঁও জিলাৰ ৷

তেওঁলোক দুয়ো মাছ ব্যৱসায়ৰ সূত্ৰে ধেমাজিত থাকে ৷ তেওঁলোকৰ পৰা নিষিদ্ধ ড্ৰাগছৰ লগতে ছটাকৈ মোবাইল ফোন আৰু এখন বাইক জব্দ কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে আৰক্ষীয়ে আটক কৰা যুৱক কেইজনক জেৰা অব্যাহত ৰাখিছে ৷

ধেমাজিত ৮ ড্ৰাগছ আসক্ত যুৱকক আটকঃ নিষিদ্ধ হেৰ'ইন উদ্ধাৰ...
আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ সহজ জয়ঃ ব্যৰ্থ বিৰাট, ৰোহিতৰ অৰ্ধশতক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in