/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/50019539-8826-4951-aa88-63d740cccc07/TEAM_INDIA_6.jpg)
আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ সহজ জয়ঃ ব্যৰ্থ বিৰাট, ৰোহিতৰ অৰ্ধশতক...
ডিজিটেল ডেস্কঃ সহজ জয়েৰে টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ কৰিলে ভাৰতে। আয়াৰলেণ্ডৰ বিৰুদ্ধে নিউয়ৰ্কত অনুষ্ঠিত হোৱা গ্ৰুপ ষ্টেজৰ মেচখনতে প্ৰথমে বেটিং কৰি আয়াৰলেণ্ডে ১৬ অভাৰত ৯৬ ৰাণ কৰিয়েই আটাইকেইটা উইকেট হেৰুৱাই। ভাৰতৰ হৈ হাৰ্দিক পাণ্ডিয়াই সৰ্বাধিক ৩ টা, অৰ্শ্বদ্বীপ সিঙ, যশপ্ৰীত সিঙে ২ টাকৈ আৰু মহম্মদ ছিৰাজ, অক্সৰ পেটেলে এটাকৈ উইকেট লাভ কৰে।
ভাৰতৰ হৈ অপেনিং কৰিবলৈ আহে ৰোহিত শৰ্মা আৰু বিৰাট কোহলি। আই পি এলত সৰ্বাধিক ৰাণ কৰিবলৈ সক্ষম হোৱা বিৰাট কোহলিৰ অৱশ্যে বিশ্বকাপৰ আৰম্ভণি সুখৰ নহ'ল।
বিৰাটে ৫ টা বল খেলি মাত্ৰ ১ ৰাণ কৰিয়েই আউট হয়। ইয়াৰ বিপৰীতে ৰোহিত শৰ্মাই ৩৭ টা বলত ৫২ ৰাণৰ অৰ্ধশতকীয় ইনিংছ খেলি ৰিটায়াৰ্ড হাৰ্ট হয়। তেওঁৰ বেটৰ পৰা আহে ৪ টা বাউণ্ডেৰী আৰু ৩ টা অভাৰ বাউণ্ডেৰী। তিনি নং স্থানত বেটিং কৰিবলৈ আহি পণ্টে ২৪ টা বলত কৰে ৩০ ৰাণ। সূৰ্য কুমাৰ যাদৰ বেটৰ পৰা আহে ২ ৰাণ।
দুয়োগৰাকী বেটছমেনেই অপৰাজিত হৈ থাকে। ভাৰতে ১২.২ অভাৰত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰি ৮ উইকেটত বিজয় সাব্যস্ত কৰে।