ধেমাজি মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ মৃত্যুৰ ন্যায় বিচাৰি গোচৰ ৰুজু পৰিয়ালৰ

ধেমাজি মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ মৃত্যুৰ ন্যায় বিচাৰি গোচৰ ৰুজু পৰিয়ালৰ

author-image
Asomiya Pratidin
New Update
ধেমাজি মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ মৃত্যুৰ ন্যায় বিচাৰি গোচৰ ৰুজু পৰিয়ালৰ

ডিজিটেল সংবাদ, ধেমাজি: বিগত ২০০০ চনৰ পৰা ২৩ বছৰে মহাবিদ্যালয়ত নিম্নতম বেতনেৰে কৰ্মৰত ধেমাজি মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দিলীপ দত্তৰ আত্মহননৰ ঘটনাই মঙ্গলবাৰে, দ্বিতীয় দিনাও ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ঘটনাৰ ন্যায় বিচাৰি মৃত কৰ্মচাৰী গৰাকীৰ পত্নীয়ে মঙ্গলবাৰে ধেমাজি সদৰ আৰক্ষী থানাত এজেহাৰ গোচৰ দাখিল কৰে ৷

Advertisment

সুদীৰ্ঘ ২৩ বছৰে অস্থায়ীভাৱে মহাবিদ্যালয়খনত কৰ্মৰত হৈ থকাৰ পিছতো শেহতীয়াকৈ বিভাগৰ নতুন নিয়ম অনুসৰি মহাবিদ্যালয়ত সাক্ষাৎকাৰ অনুষ্ঠিত কৰা ফলত অস্থায়ী কৰ্মচাৰী গৰাকী আতঁৰিব লগীয়া হয়। চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দত্তই হঠাতে কৰ্মস্থলীৰ পৰা আতঁৰিব লগীয়া হোৱা পিছৰে পৰাই কিছুদিন ধৰি হতাশাত ভুগি আছিল বুলি কৰ্মচাৰী গৰাকীৰ পত্নী বিজয়া শইকীয়া দত্তই জানিবলৈ দিয়ে ৷ স্বামীৰ এনে অৱস্থা দেখি পত্নীয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° দিপক নেওগক বহুবাৰ কাকৃতি মিনতি কৰি পুনৰ তেওঁৰ স্বামীক চাকৰিত ৰখা ব্যৱস্থা কৰিবলৈ হাতে ভৰিয়ে ধৰি অনুৰোধ জনাইছিল যদিও অধ্যক্ষই কোনো গুৰুত্বনিদিয়াৰ বুলি অভিযোগ কৰি সংবাদমাধ্যমকৰ আগত ক্ষোভ প্ৰকাশ কৰে ৷

আনকি মহাবিদ্যালয়ৰ অধ্যক্ষই কৰ্মচাৰীক কোনো অব্যাহতি পত্ৰৰ অবিহনেই মহাবিদ্যালয়ৰ পৰা আতঁৰাই দিছিল প্ৰয়াত দিলীপ দত্তক ৷ চাকৰি অবিহনে ঘৰখনৰ পৰিয়াল বৰ্গক পোহ-পাল কৰাৰ চিন্তাক লৈ হতাশাত ভুগি অহা দিলীপ দত্ত‌ই অৱশেষত এই চূড়ান্ত পথ বাছি লোৱা বুলি দাবী কৰে পত্নীয়ে ৷

সমগ্ৰ ঘটনাক লৈ কৰ্মচাৰী পত্নীয়ে উপযুক্ত ন্যায় বিচাৰি মঙ্গলবাৰে মহাবিদ্যালয়ৰ কতৃপক্ষক জগৰীয়া কৰি ধেমাজি সদৰ আৰক্ষী থানাত এখনি এজাহাৰ দাখিল কৰিছে৷ ইয়াৰ সমান্তৰালকৈ ধেমাজি মহাবিদ্যালয়ত বিয়লি ১ বজাৰ পৰা ২ বজাৰলৈকে প্ৰায় এক ঘন্টা ধৰি মহাবিদ্যালয়ৰ সন্মুখত ছাত্ৰ-ছাত্ৰীসকলে সমগ্ৰ বিষয়টো তদন্ত বিচাৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Also Read: 'নাক'(NAAC)ৰ হাটশিঙিমাৰী মহাবিদ্যালয় পৰিদৰ্শন

dhemaji college