/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/a24587f8-fedb-41fe-8642-32190385e4bd/12.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰত থকা একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান হাটশিঙিমাৰী মহাবিদ্যালয়ত মঙলবাৰৰ পৰা দুদিনীয়াকৈ তিনিজনীয়া নাক (NAAC)ৰ দলে পৰিদৰ্শনৰ কাৰ্যক্ৰমণিকা আৰম্ভ কৰিছে। সোমবাৰে সন্ধিয়া তিনিজনীয়া নাকৰ দল হাটশিঙিমাৰী আৱৰ্ত ভৱন উপস্থিত হৈ মঙলবাৰে পুৱাৰ পৰা দুদিনীয়াকৈ কাৰ্যক্ৰমণিকা আৰম্ভ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/0a394622-7170-4d11-820e-cd19511c8a88/ada518cf_f3bc_4c12_86d3_cce71120dd44.jpg)
তিনিজনীয়া নাকৰ দলৰ অধ্যক্ষ সুহাছ পাটনাকৰ, সদস্য সচিব শিভাচিথাপ্পা কে আৰু সদস্য নাজিৰ আহমেদ ছিমনানী মহাবিদ্যালয়ৰ ভিন্ন দিশ পৰিদৰ্শন কৰে। পুৱা প্ৰায় ৯ বজাত নাকৰ দলটো মহাবিদ্যালয়ত উপস্থিত হোৱাৰ লগে গেটৰ সম্মুখৰ পৰাই ৰাষ্ট্ৰীয় সেৱা যোজনা আৰু এন চি চিৰ সদস্য সকলৰ লগতে মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী, অধ্যক্ষ আৰু অধ্যাপক সকলে উষ্ম আদৰণি জনায়। গোৱালপৰীয়া লোকগীতৰ নৃত্যৰ তালে তালে নাকৰ দলটোক মহাবিদ্যালয়ৰ গেটৰ পৰা আদৰণি জনাই অধ্যক্ষৰ কোঠালৈ অনা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/64a65ae1-4e88-4ba2-bba0-5e254149c8c8/a99ac6c6_b292_404e_b8aa_4f35c1869a2c.jpg)
ইয়াৰ পাছত 'নাক'ৰ দলটো প্ৰতিটো বিভাগৰ শৈক্ষিক দিশ পৰ্যবেক্ষণ কৰে। ১৯৮৭ চনত স্থাপন হোৱা মহাবিদ্যালয়খনত প্ৰথম বাৰৰ বাবে 'নাক' অনুষ্ঠিত হৈ থকা পৰিলক্ষিত হৈছে। মঙলবাৰৰ বিয়লি প্ৰায় ৩ বজাত মহাবিদ্যালয়খনৰ প্ৰায় সহস্ৰাধিক শিক্ষাৰ্থীৰ সৈতে নাকৰ দলটোৱে মত বিনিময় কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/560a2cd8-6518-4dfe-a997-8d4d0180efb1/b9ac15bc_323d_4b15_a1e8_e6dcc1eddca2.jpg)
একেদৰে বিয়লি ৪.৩০ বজাত প্ৰাক্তন শিক্ষাৰ্থী আৰু অভিভাৱক সকলৰ লগত একেলগে মত বিনিময় কৰি মহাবিদ্যালয়ৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। বৰ্তমানৰ শিক্ষাৰ্থীৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলে মহাবিদ্যালয় বিভিন্ন দিশৰ লগতে শৈক্ষিক উন্নয়নৰ বাবে নাকৰ দলটোক পৰামৰ্শ প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/450054bc-d71c-4d14-89ca-a5194f0e2a2e/749069e5_0531_446e_be13_3ef4534859e7.jpg)
সন্ধিয়া প্ৰায় ৫.৩০ বজাত মহাবিদ্যালয় প্ৰেক্ষাগৃহত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। এই সাংস্কৃতিক সন্ধিয়াত আদৰণি গীত, বিহু নৃত্য তথা কবিতা আবৃত্তি কৰাৰ পাছত প্ৰথম দিনৰ কাৰ্যসূচী সম্পন্ন কৰা হয়। বুধবাৰে 'নাক'ৰ দলটো দ্বিতীয় দিনৰ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পাছত মহাবিদ্যালয় খনৰ গ্ৰেড মূল্যায়ণ কৰিব বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/43c4de8a-8018-4d4b-be46-f70ccae16b4c/1c10652b_2e83_4ca5_91bd_c9dab0e1ed97.jpg)
Also Read: অনাগত আঢ়ৈ বছৰত আৰু ২৫ হাজাৰ চৰকাৰী চাকৰি প্ৰদান কৰিব চৰকাৰে : মন্ত্ৰী পীয়ুষ হাজৰীকা