NEETত উজ্বলিল চিলাপথাৰৰ ৪ কৃতি শিক্ষাৰ্থী...

NEETত উজ্বলিল চিলাপথাৰৰ ৪ কৃতি শিক্ষাৰ্থী...

author-image
Asomiya Pratidin
New Update
NEETত উজ্বলিল চিলাপথাৰৰ ৪ কৃতি শিক্ষাৰ্থী...

ডিজিটেল ডেস্ক, চিলাপথাৰঃ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ বাবে যোগ্যতা নিৰ্ণায়ক সৰ্বভাৰতীয় নীট পৰীক্ষাত উজ্বলিল চিলাপথাৰৰ ৪কৃতি পৰীক্ষাৰ্থী। কঠোৰ অধ্যায়ন আৰু প্ৰস্তুতিৰ অন্তত সৰ্বভাৰতীয় পৰীক্ষাত সফলতা লাভ কৰা অঞ্চলটোৰ মেধাৱী ছাত্ৰ ছাত্ৰী সকল হ'ল ক্ৰমে চিলাপথাৰ মিচিং গাওঁ কল্যাণ কেন্দ্ৰৰ পঞ্চায়ত সচীব চেনিৰাম পেগু আৰু মালতী পেগুৰ সুযোগ্য সন্তান দীপাংকৰ পেগু। চিলাপথাৰ ডনবস্কৰ প্ৰাক্তন ছাত্ৰ দীপাংকৰে NEET পৰীক্ষাত লাভ কৰিলে ৫৫৮ নম্বৰ।

Advertisment

সেইদৰে নীট পৰীক্ষাত জিলিকি উঠা একেখন গাওঁৰে সুচেন পেগু আৰু স্বাস্থ্য বিভাগৰ কৰ্মচাৰী লীলাৱতী পেগুৰ কন্যা প্ৰীতিমিচ পেগুৱে ৪৭১ নম্বৰ লাভ কৰি পাঠ্যক্ৰমৰ বাবে বাছনি লাভ কৰিলে। বাচনিভুক্ত হ'ল মেধাৱী ছাত্ৰ অধুনাভ গগৈ। চিলাপথাৰ মাজগাওঁ নিবাসী সমাজকৰ্মী অজিৎ গগৈ আৰু ধনদা গগৈৰ পুত্ৰ কৃতিমান ছাত্ৰজনে প্ৰতিযোগীতামূলক পৰীক্ষাত লাভ কৰিলে মুঠ ৫৩৪ নম্বৰ।

ইপিনে চিলাপথাৰ অমৃতপুৰ গাঁও নিবাসী কৃষ্ণকান্ত টায়ে আৰু ৰাজশ্ৰী টায়েৰ সুযোগ্য সন্তান প্ৰনৱ টায়েই ৫৫২ নম্বৰ পাই নীট'ত লাভ কৰিলে প্ৰত্যাশিত সফলতা। সৰ্বভাৰতীয় যোগ্যতা নিৰ্ণায়ক পৰীক্ষাত উত্তীর্ণ হৈ অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই অনা বিষয়টোত উৎফুল্লিত হৈ পৰিছে ৰাইজ। ৰাইজে মেধাৱী ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন জনাই উজ্বল ভৱিষ্যত কামনা কৰিছে।

Also Read: অসমত ৫ বিধানসভা আৰু ২ ৰাজ্যসভা আসনত হ'ব নিৰ্বাচন...

NEET silapathar