ধেমাজি ডায়েটত তৃতীয় সংখ্যক ডায়েট সপ্তাহ...

ধেমাজি ডায়েটত তৃতীয় সংখ্যক ডায়েট সপ্তাহ...
ধেমাজি ডায়েটত তৃতীয় সংখ্যক ডায়েট সপ্তাহ...

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত (ডায়েট) আজিৰে পৰা আৰম্ভ হ'ল তৃতীয় সংখ্যক ডায়েট সপ্তাহ। বিষ্ণুপুৰ পাঁচ আলিস্থিত প্ৰতিষ্ঠানখনৰ ক্ৰীড়া সপ্তাহৰ কাৰ্যসূচী উদ্বোধন কৰে প্ৰতিষ্ঠানৰ অধ্যক্ষ হৰিনাথ বৰাই।

কাৰ্যসূচী উদ্বোধন কৰি তেওঁ কয়, কেৱল মানসিক দিশেই নহয় শাৰীৰিকভাৱেও সৱল কৰি তুলিব লাগিব শিক্ষাৰ্থীসকলক। শিক্ষাৰ্থীসকলৰ মাজত সুপ্ত ৰূপত থকা প্ৰতিভাক উৎসাহিত কৰিবলৈ এনেধৰণৰ কাৰ্যসূচী গুৰুত্বপূৰ্ণ বুলি কয়।

প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰৱক্তা মায়াশ্ৰী চেতিয়া ফুকনে উদ্দেশ্য ব্যাখ্যা কৰা উদ্বোধনী অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে এক সুমধুৰ সমবেত সংগীত পৰিবেশন কৰি দ্বাৰ মুকলি কৰে। ইয়াৰ পিছতে প্ৰবক্তা ড০ ডিনি বৰাই অলিম্পিক শিখা প্ৰজ্বলন কৰে।

সহযোগ কৰে প্ৰশিক্ষাৰ্থী প্ৰভাত বৰুৱাই। ইয়াৰ পিছতে আৰম্ভ হ'ল দৌৰ,ৰিলে ৰেচ,ভলী বল,ৰচী টনা,কাবাদী আদি বিভিন্ন প্ৰতিযোগিতা। ইতিমধ্যেই অনুষ্ঠিত কৰা হ'ল ফুটবল, ডিচকাচ থ্ৰ,চটপুট থ্ৰ', ক্ৰিকেটৰ লগতে বিভিন্ন লুপ্তপ্ৰায় বিভিন্ন খেলৰ প্ৰতিযোগিতা।

আজি প্ৰশিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত প্ৰদৰ্শৰ্ণীমূলক 'বেং জাম্প' খেলে ৰাইজক বাৰুকৈয়ে মনোৰঞ্জন দিয়ে। তদুপৰি অনুষ্ঠিত হ'ল শিক্ষাৰ্থী আৰু শিক্ষক কৰ্মচাৰীৰ মাজত কেইবাখনো প্ৰীতিমূলক খেল।

পাঁচ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা সপ্তাহৰ অন্তিম দিনটোৰ কাৰ্যসূচীত কেইবাজনো বিশিষ্ট ব্যক্তি অতিথি হিচাপে উপস্থিত থাকিব বুলি ডায়েটৰ ছাত্ৰ উন্নয়ন ফ'ৰামৰ সম্পাদক চক্ৰৱৰ্তী বৰগোহাঁইয়ে সদৰি কৰিছে। ডায়েটৰ সকলো প্ৰশিক্ষাৰ্থীয়ে অংশ লোৱা কাৰ্যসূচীত সকলো শিক্ষক কৰ্মচাৰীয়ে সহযোগ কৰে।

ধেমাজি ডায়েটত তৃতীয় সংখ্যক ডায়েট সপ্তাহ...
১৭ খনকৈ অবড়ো গাঁও বি টি আৰত অন্তৰ্ভুক্তিৰ বিৰুদ্ধে গহপুৰত প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in