১৭ খনকৈ অবড়ো গাঁও বি টি আৰত অন্তৰ্ভুক্তিৰ বিৰুদ্ধে গহপুৰত প্ৰতিবাদ...

১৭ খনকৈ অবড়ো গাঁও বি টি আৰত অন্তৰ্ভুক্তিৰ বিৰুদ্ধে গহপুৰত প্ৰতিবাদ...
১৭ খনকৈ অবড়ো গাঁও বি টি আৰত অন্তৰ্ভুক্তিৰ বিৰুদ্ধে গহপুৰত প্ৰতিবাদ...

ডিজিটেল সংবাদ ছয়দুৱাৰ: ভুৱা জনগাঁঠনিৰ পৰিসংখ্যাৰে অবড়ো গাঁও বিটিআৰত অন্তৰ্ভুক্তি কৰিবলৈ অসম চৰকাৰে গ্ৰহণ কৰা হঠকাৰী পদক্ষেপৰ বিৰুদ্ধে গহপুৰত অনাবড়ো ৰাইজৰ মাজত আজিও অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। উল্লেখ্য যে, গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত হাতীমৰা, মৰাচেঙেলী, কাৰিগেৰাজ, পুৰণি গেৰাজ, পুৰণিগেৰাজ কছাৰি, আমজাৰনি, ৰঙাজান, হেলেমচাপৰি, কাৰিবিল নেপালি, ভেলোৱাডাঙা, দুলুংমুখ, ননকে কাৰিবিল, উত্তৰ কাৰিবিল, কাৰিবিল, কাৰিবিল কছাৰি, চিৰাজুলি, কেমাইজাৰণিকে ধৰি অবড়ো লোকৰ সংখ্যাগৰিষ্ঠা থকা ১৭ খনকৈ গাঁও বিটিআৰত অন্তৰ্ভুক্তি কৰিবলৈ প্ৰকাশ হোৱা এখন তালিকাক লৈ ব্যাপক উত্তেজনাই বিৰাজ কৰি আছে হেলেম ৰাজহ চক্ৰ এলেকাৰ ১৭ খন গাঁৱৰ অবড়ো ৰাইজৰ মাজত।

স্মৰ্তব্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৮০ শতাংশতকৈ ওপৰৰ বড়োলোক বসবাস কৰা গাঁওসমূহ বিটিআৰত অন্তৰ্ভুক্তি হ'ব বুলি ঘোষণা কৰাৰ পাছত উক্ত পৰিসংখ্যাৰ বড়ো সম্প্ৰদায়ৰ লোক নথকা গাঁওসমূহ কেনেকৈ বিটিআৰত অৰ্ন্তভুক্ত কৰিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে তাকে লৈ এতিয়া ক্ষোভৰ জুই জ্বলি আছে গহপুৰৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত ১৭খনকৈ গাঁৱৰ অবড়ো ৰাইজৰ মাজত।

চৰকাৰৰ এনে অবিবেচকী কাণ্ডত প্ৰতিবাদত যোৱা ৩০ জানুৱাৰীৰ পৰা অবড়ো ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি থকাৰ পাছত আজিও এখন বিশাল সভাৰ জৰিয়তে এক বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰি অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সহস্ৰাধিক অবড়ো ৰাইজে। সেই অনুসৰি, সদৌ অসম আদিবাসী ছাত্র সন্থাৰ পশ্চিম ছয়দুৱাৰ আঞ্চলিক সমিতি(গহপুৰ)ৰ উদ্যোগত আৰু কাৰিবিল সচেতন নাগৰিক মঞ্চৰ সহযোগত আজি দুপৰীয়া প্ৰায় ১২ বজাৰ পৰা হেলেমৰ উত্তৰাঞ্চলৰ কাউৰীপথাৰৰ কাৰিবিল হাইস্কুল খেলপথাৰত এখন বিশাল জন-জাগৰণ সভা অনুষ্ঠিত হয়।

উক্ত ১৭ খন ৰাজহ গাঁৱৰ পৰা হি'লদ'ল ভাঙি ওলাই অহা সহস্ৰাধিক অবড়ো ৰাইজে উক্ত জন জাগৰণ সভাত অংশগ্ৰহণ কৰি বিটিআৰত অন্তৰ্ভুক্ত কৰিবলৈ তালিকা প্ৰস্তুত কৰা অনাবড়ো গাঁওসমূহৰ নাম তালিকাৰ পৰা কৰ্টনৰ দাবীত জনমত গঠন কৰে।কাৰিবিল সচেতন নাগৰিক মঞ্চৰ সভাপতি দ্ৰোণ প্ৰসাদ শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সদৌ অসম আদিবাসী ছাত্র সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দেবেন ওৰাঙে কয় যে, ভুৱা জনগাঁথনিৰ পৰিসংখ্যাৰে অবড়ো গাঁও বিটিআৰত অন্তৰ্ভুক্তি কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত বাতিল নকৰিলে আদিবাসী ছাত্র সন্থাই অনাগত দিনত ৰাইজৰ সহযোগত প্ৰবল গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব।

৮০ শতাংশৰ ওপৰৰ বড়ো লোক নথকা উক্ত ১৭ খন গাঁও কি যুক্তিত বিটিআৰত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে সেয়া গভীৰ ৰহস্যৰ বিষয় বুলি অভিহিত কৰি দেবেন ওৰাঙে আৰু কয় যে, এইখন চৰকাৰে নিজ খেয়াল খুচিমতে সিদ্ধান্ত গ্ৰহণ কৰি ৰাইজৰ আবেগ অনুভূতিক আঘাট হানি আহিছে।

চাৰিখনকৈ জিলা উঠাই নিয়াৰ পিছত আকৌ অবড়ো গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰি চৰকাৰখনে ৰাইজৰ অধিকাৰ খৰ্ব কৰা বুলিও ভাষণত উল্লেখ কৰে দেবেন ওৰাঙে। কাৰিবিল সচেতন নাগৰিক মঞ্চৰ সাধাৰণ সম্পাদক ক্ৰেতফিল ভেংৰাই সভাখনৰ উদ্দেশ্য বাখ্যা কৰি কয় যে, উক্ত ১৭ খন গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ সংক্ৰান্তত যিখন তালিকা ইতিমধ্যে প্ৰকাশ পাইছে সেইখন তালিকাত উক্ত ১৭ খন গাঁৱত ১০০ শতাংশ বড়ো সম্প্ৰদায়ৰ লোক থকা বুলি প্ৰকাশ পাইছে যদিও চৰকাৰী তথ্য অনুসৰি উক্ত ১৭ খন গাঁৱত ১০০ শতাংশ বড়ো সম্প্ৰদায়ৰ লোক নাই।

বি এল অ' আৰু চৰকাৰী গাঁও প্ৰধানৰ পৰা সংগৃহীত তথ্য অনুসৰি দুলুংমুখত ৪৬.৪%, ভেলুৱাডাঙাত 0%, কাৰিবিল নেপালীত 0%, ননকে কাৰিবিলত ৫০.৯৫%,চিৰাজুলিত 0%,কেমাইজাৰণিত 0%,উত্তৰ কাৰিবিল-হেলেম চাপৰিত ৩৫.০৫%,কাৰিবিলত ১.৯%,কাৰিবিল কছাৰী-হালধীবাৰীত ২৮.২% আৰু ৰঙাজান গাঁৱত ৯.৫১%হে বড়ো সম্প্ৰদায়ৰ ভোটাৰ আছে।তদুপৰি হাতীমৰা, মৰাচেলেঙী,কাৰিগাৰাজ,পুৰণি গাৰাজ কছাৰী আৰু আমজাৰণি গাঁৱতো বড়ো সম্প্ৰদায়ৰ লোকৰ সংখ্যা তেনেই নগণ্য।

চৰকাৰী তথ্যত প্ৰকাশ পোৱা মতে, উক্ত ১৭ খন গাঁৱত বড়ো সম্প্ৰদায়ৰ লোকতকৈ অবড়ো লোকৰহে বিশেষ ভাবে প্ৰাধান্য আছে।তেনেক্ষেত্ৰত চৰকাৰী তথ্যক চেৰাই গৈ সম্পূৰ্ণ ভূল তথ্যৰে উক্ত ১৭ খন গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰিবলৈ লোৱা পদক্ষেপক আজিৰ জন জাগৰণ সভাই তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

সক্ৰিয় ৰাজহুৱা কৰ্মী জীতেন বৰপূজাৰীয়ে আঁত ধৰা সভাখনত সদৌ অসম আদিবাসী ছাত্র সন্থাৰ পশ্চিম ছয়দুৱাৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক জেমছ কিছ'পটা,কাউৰীপথাৰৰ সচেতন যুৱক মিণ্টু মহন্ত,ইটাপাৰাৰ যুৱ সমাজকৰ্মী মণ্টু বৰা,সদৌ অসম উড়ীয়া যুৱ ছাত্র সন্থাৰ সাধাৰণ সম্পাদক পঙ্কজ মহানন্দ,আছাৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি গজেন কুৰ্মী,বিশিষ্ট কবি-লেখিকা ৰূপা বৰপূজাৰী,সমাজকৰ্মী বেল বাহাদুৰ ছেত্ৰী আদিয়ে ভাষণ প্ৰদান কৰি চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক কঠোৰ ভাষাৰে গৰিহণা দি চৰকাৰে উক্ত সিদ্ধান্ত সলনি নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সকীয়নী দিয়ে।

সভাখনত উপস্থিত প্ৰতিবাদী ৰাইজে হাতে হাতে আমাক শান্তি লাগে, আমাক শান্তিত জীয়াই থাকিবলৈ দিয়ক,বিটিআৰত অবড়ো গাঁও অন্তৰ্ভুক্ত নকৰিব আদি শ্লগান সম্বলিত প্লেকাৰ্ড,পোষ্টাৰ লৈ মৌন প্ৰতিবাদ সাব্যস্ত কৰে।

১৭ খনকৈ অবড়ো গাঁও বি টি আৰত অন্তৰ্ভুক্তিৰ বিৰুদ্ধে গহপুৰত প্ৰতিবাদ...
উন্নয়নৰ দিশে নামৰূপ সাৰ কাৰখানা ! ১ হাজাৰ লিটাৰলৈ বৃদ্ধি বায়’ফাৰ্টিলাইজাৰ প্লাণ্টৰ উৎপাদন ক্ষমতা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in