ধেমাজিত বিষাক্ত কাঠফুলা খাই ২৬ জন চিকিৎসাধীন

ধেমাজিত বিষাক্ত কাঠফুলা খাই ২৬ জন চিকিৎসাধীন

ডিজিটেল সংবাদ,ধেমাজি: বিষাক্ত বনৰীয়া কাঠফুলা ভক্ষণ কৰি ধেমাজিত আৰু চিলাপথাৰত শিশুসহ মুঠ ২৬ জন লোকে চিকিৎসাধীন হয় ৷ বিষাক্ত কাঠফুলা ভক্ষণ কৰি পেটৰ বিষ , জ্বৰ , বমি হোৱা ধেমাজিৰ চিমেন চাপৰিৰ ১৪ জন আৰু ধেমাজি পশ্চিম সুবাহীৰ ৩ জন লোকক ধেমাজি অসামৰিক চিকিৎসালয় আৰু চিলাপথাৰ খনামুখ চিকিৎসালয়ত ৯ জনৰ সৈতে চিকিৎসালয়ত ২৬ গৰাকী ভৰ্তি কৰোৱা হয় ৷

প্ৰাথমিক চিকিৎসাৰ অন্তত ধেমাজি ১০জনক আৰু চিলাপথাৰ খনামুখৰ পৰা ৯ গৰাকী সৈতে ১৯ গৰাকীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে যদিও সাতজন এতিয়াও চিকিৎসাধীন হৈছে ৷ খাদ্যৰ বাবে উপযোগী কাঠফুলাৰ সম্পৰ্কত বিশেষভাৱে সজাগ নোহোৱাৰ ফলত চিমেন চাপৰিৰ ললাং গাওঁ , মাজগাওঁ , ৩ নং জয়পুৰ , সংগমা চাপৰি আৰু পশ্চিম সুবাহীৰ এইসকল লোকে বনৰীয়া কাঠফুলা খোৱাৰ ফলত খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হয় ৷

ধেমাজিত বিষাক্ত কাঠফুলা খাই ২৬ জন চিকিৎসাধীন
ৰাজ্যৰ ১৩৯ খন কলেজলৈ কাৰণ দৰ্শোৱাৰ জাননীঃ কোন কেইখন মহাবিদ্যালয়ৰ আছে নাম, চাওক তালিকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in