উপ-জিলাৰ মুখ্য কাৰ্যালয় বিচাৰি চিচিবৰগাঁৱত ১৫ দিনে প্ৰতিবাদঃ গুৰুত্ব নাই প্ৰশাসনৰ

উপ-জিলাৰ মুখ্য কাৰ্যালয় বিচাৰি চিচিবৰগাঁৱত ১৫ দিনে প্ৰতিবাদঃ গুৰুত্ব নাই প্ৰশাসনৰ
উপ-জিলাৰ মুখ্য কাৰ্যালয় বিচাৰি চিচিবৰগাঁৱত ১৫ দিনে প্ৰতিবাদঃ গুৰুত্ব নাই প্ৰশাসনৰ

ডিজিটেল সংবাদ চিচিবৰগাওঁঃ সদ্য ঘোষিত চিচিবৰগাঁও উপ-জিলাৰ মুখ্য কাৰ্যালয় চিচিবৰগাঁৱত স্থাপন কৰাৰ দাবীত যোৱা ৩০ ডিচেম্বৰৰ পৰা চলি থকা চিচিবৰগাঁৱৰ ৰাইজৰ অৱস্থান ধৰ্মঘটে এটা পষেকত ভৰি দিলে। শ্লোগান, প্ৰতিবাদৰে প্ৰতিদিনে নিনাদিত হৈ আছে চিচিবৰগাঁৱৰ আকাশ বতাহ।

ৰাজ্যৰ বৰমুৰিয়ালৈ প্ৰেৰণ কৰা হৈছে জাপে জাপে স্মাৰক পত্ৰ। কিন্তু আজিলৈকে সামান্যও গা লৰা নাই প্ৰশাসনৰ। ভোগালী বিহুৰ প্ৰস্তুতি এৰি ১৫ দিনে প্ৰতিবাদ অব্যাহত ৰখা ৰাইজৰ বিননি শুনিবলৈ এবাৰো আহৰি পোৱা নাই জিলা প্ৰশাসনে ।

শুকুৰবাৰে পুনৰ প্ৰতিবাদস্থলীৰ পৰা চুতীয়া ছাত্ৰ সন্থাই তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ধেমাজি জিলা আয়ুক্তলৈ প্ৰেৰণ কৰিছে। আনহাতে আগন্তুক ভোগালী বিহুৰ প্ৰতি লক্ষ্য ৰাখি অহা ১৭ জানুৱাৰীলৈকে সাময়িকভাৱে চাৰি দিনৰ বাবে আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰাখিছে চিচিবৰগাঁও উপ-জিলা কাৰ্য্যালয় দাবী সমিতিয়ে।

এই সময়ছোৱাৰ ভিতৰত যদি জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ১৮ জানুৱাৰীৰ পৰা নতুন ধাৰাৰে আন্দোলনৰ কাৰ্যসূচী পুনৰ আৰম্ভ কৰিব বুলি সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ দিছে ।

উপ-জিলাৰ মুখ্য কাৰ্যালয় বিচাৰি চিচিবৰগাঁৱত ১৫ দিনে প্ৰতিবাদঃ গুৰুত্ব নাই প্ৰশাসনৰ
নগাঁও জিলা আইন প্ৰাধিকৰণৰ মানৱ সৰবৰাহ আৰু বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সভা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in