বিদ্যুৎ মাছুল বৃদ্ধিৰ সিদ্ধান্ত বাতিলৰ দাবী ধেমাজি ছাত্ৰ সন্থাৰ

বিদ্যুৎ মাছুল বৃদ্ধিৰ সিদ্ধান্ত বাতিলৰ দাবী ধেমাজি ছাত্ৰ সন্থাৰ

ডিজিটেল সংবাদ ,ধেমাজিঃ বিদ্যুৎ মাছুল বৃদ্ধিৰ সিদ্ধান্ত শীঘ্ৰে বাতিল কৰা আৰু মূল্যবৃদ্ধিৰ প্ৰতিবাদৰ দাবী ধেমাজি ছাত্ৰ সন্থাৰ। বুধবাৰে ১১ পুৱা বজাত ধেমাজি জিলা ছাত্ৰ সন্থাৰ প্ৰায় ৪ শতাধিক কৰ্মীয়ে হাতে হাতে বেনাৰ পোষ্টাৰ , প্লে'কাৰ্ড বিজেপি চৰকাৰ গ'বেক , বিজেপি হায় হায় , বিদ্যুতৰ মাছুল শীঘ্ৰে হ্ৰাস কৰক , মুল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক ইত্যাদি প্ৰতিবাদেৰে উত্তাল কৰি তোলে ৷

ধেমাজি থানা তিনিআলিৰ সমীপৰ ধেমাজি শ্বহীদ উদ্যানৰ সন্মুখত প্ৰায় আধা ঘণ্টা ধৰি বিক্ষোভ কাৰ্য্যসূচী ৰূপায়নৰ পিছত প্ৰতিবাদী ছাত্ৰ কৰ্মীসকলে ধেমাজি চাৰিআলি লৈকে এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ কাৰ্য্যসূচীৰ অন্তত প্ৰতিবাদস্থলীতে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷

ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসৰ পৰিচালনাত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাখনিৰ আতঁ ধৰে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে ৷ প্ৰতিবাদী সভাত বিজেপি চৰকাৰৰ দিনত হোৱা অত্যাধুনিক মূল্যবৃদ্ধি শীঘ্ৰেই নিয়ন্ত্ৰনৰ লগতে , বিদ্যুৎ মাছুল বৃদ্ধিৰ সিদ্ধান্তকো শীঘ্ৰেই বাতিল কৰিবলৈ প্ৰতিবাদকাৰীসকলে দাবী জনায় ৷

চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত বিৰুদ্ধে প্ৰতিবাদকাৰী সকলে তীব্ৰ সমালোচনা কৰে ৷ যি মন যায় তাকেই কৰিব বিচৰা এই বিজেপি চৰকাৰৰ ময়মতালি সিদ্ধান্তক ছাত্ৰ সন্থাই কোনো দিনে মানি নলওঁ বুলি হুংকাৰ দিয়ে ৷ প্ৰতিবাদী সভাত আছুৰ ৰাজ্যিক সদস্য ৰবি কছাৰী , ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপদেষ্টাদ্বয় দীপক শৰ্মা আৰু বিজু দাসৰ লগতে বহু কেইগৰাকী জিলা আৰু আঞ্চলিকৰ বিষয়ববীয়াই উপস্থিত থাকে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in