ধেমাজিৰ পথ দুৰ্ঘটনাত নিহত ৩, আহত বহুতো

ধেমাজিত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হয় কেইবাজনো লোক।
ধেমাজিৰ পথ দুৰ্ঘটনাত নিহত  ৩, আহত বহুতো

ডিজিটেল ডেস্ক: ধেমাজিত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হয় কেইবাজনো লোক। ঘটনাটো বৃহস্পতিবাৰে ধেমাজি জিলাৰ জোনাইৰ ওচৰৰ তেলম লাখিপথাৰ অঞ্চলত সংঘটিত হয়।

জানিব পৰা মতে, এখন চাৰিচকীয়া বাহনে এখন মটৰচাইকেল, এখন স্কুটি আৰু এখন চাইকেলক খুন্দা মৰাৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

দুৰ্ঘটনাৰ ফলত ৩ লোক নিহত হোৱাৰ উপৰিও প্ৰায় ৬ জন আহত হয়। স্থানীয় লোকৰ ভাষ্য অনুসৰি এজন লোকৰ থিতাতে মৃত্যু হয়। আন দুজনৰ হাস্পাতালত মৃত্যু হয়। বাকী আহত সকলক ইতিমধ্যে হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ ।

আৰু পঢ়ক: ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীক ধৰ্ষণ বাবুল আহমেদৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in