/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/3d59e653-a1c9-4180-8fac-51b5eeb8fcad/rape.jpg)
ডিজিটেল সংবাদ ,ধেমাজি: ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক দূৰ্গা বৰাক বলাৎকাৰ অভিযোগত গ্ৰেপ্তাৰ। মঙলবাৰে বিয়লি বৰদলনি আৰু গোগামুখ আৰক্ষীয়ে যুটীয়াভাৱে লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে বৰাক।
অভিযোগ অনুসৰি ৩০ নৱেম্বৰত বলাৎকাৰৰ ঘটনা সংঘটিত হৈছিল। তাৰ পাছত ৩ ডিচেম্বৰত ভুক্তভোগীয়ে বৰদলনি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল। তাৰ পাছতেই আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত।
ভুক্তভোগীয়ে দিয়া এজাহাৰৰ ভিত্তিত গোগামুখ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি ৩৪২/৩৭৬ ধাৰা অধীনত ১২২/২২ নৱেম্বৰৰ এটি গোচৰ পঞ্জীয়ন কৰি পলাতক অৱস্থাত থকা বৰাক আজি গ্ৰেপ্তাৰ কৰে।
আৰু পঢ়ক: BCCI ৰ ডাঙৰ সিদ্ধান্ত! ভাৰতীয় মহিলা ক্ৰিকেট দলৰ নতুন বেটিং প্ৰশিক্ষক নিযুক্তি
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us