জনজাতিকৰণৰ দাবীত ৰেল পথ অৱৰোধ, পাঁচ সহস্ৰাধিক জনতাৰ প্ৰতিবাদ

কোচ ৰাজবংশীক জনজাতিকৰণৰ দাবীত সোমবাৰে ধেমাজিত প্ৰতিবাদ সাব্যস্ত হয়।

author-image
Asomiya Pratidin
New Update
জনজাতিকৰণৰ দাবীত ৰেল পথ অৱৰোধ, পাঁচ সহস্ৰাধিক  জনতাৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, ধেমাজি: কোচ ৰাজবংশীক জনজাতিকৰণৰ দাবীত সোমবাৰে ধেমাজিত প্ৰতিবাদ সাব্যস্ত হয়। কোচ ৰাজবংশী সন্মিলনীৰ ধেমাজি জিলা সমিতি , ধেমাজি জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ যুটীয়া উদ্যোগত আৰু ধেমাজি জিলা কোচঁ ৰাজবংশী মহিলা সন্মিলনীৰ সহযোগত কোচ ৰাজবংশীক জনজাতি কৰনৰ দাবীত সোমবাৰে পুৱা ৰেলপথ অৱৰোধ কৰে ৷

Advertisment

প্ৰতিবাদী সকলে কোচ ৰাজবংশীক জনজাতিকৰণ লাগিবই, এছ টি আমাৰ ন্যায্য দাবী, নৰেন্দ্ৰ মোদী হুচিয়াৰ, হিমন্ত বিশ্বৰ কাম নাই, চেলফি মামাৰ কাম নাই, বিজেপি হুচিয়াৰ আদি ধ্বনিৰে আকাশ বতাহ কপাঁই তোলে ৷ ৰেলপথ অৱৰোধৰ কাৰ্য্যসূচী অন্তত স্থলীতে এখনি প্ৰতিবাদী সভাও হয় ৷

প্ৰতিবাদী সভাত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি কুমাৰ প্ৰণৱ নাৰায়ণয়ে বক্তব্যত কয় যে, আমাৰ জাতি জনগোষ্ঠী সমূহৰ আৰ্থ সামাজিক দুৰাৱস্থা আৰু জীৱন ধাৰণৰ দুখ ভৰা ছবিখন স্বাধীনতাৰ প্রায় ৭৫ বছৰতো পৰিবৰ্তন নহ'ল ৷ কোচ ৰাজবংশীয় লোক সকলক জনজাতি কৰণৰ ক্ষেত্ৰত থকা সকলো বৈশিষ্ট্যক আওকান কৰি সৌ সিদিনা ভাৰতবৰ্ষৰ ৫ খন ৰাজ্যৰ ১২ টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্য্যদা প্ৰদান কৰি অসমৰ কোচৰাজবংশীকে ধৰি ৬ জনগোষ্ঠীক পুনৰবাৰ প্ৰতাৰণা কৰিলে বুলি অভিযোগ কৰে ।

ভাষনত তেওঁ কয় যে, ১৯৮৭ চনত মেঘালয়ত বসবাস কৰা কোচৰাজবংশী সকলক জনজাতিৰ মৰ্যাদা প্রদান কৰা হ'ল। অসম চৰকাৰে ১৯৮৬ আৰু ১৯৯৭ চনত অনুমোদন নজনোৱাৰ বাবে অসম কোচৰাজবংশী জনজাতিৰ তালিকাভুক্ত হ'ব পৰা নাছিল।

উল্লেখ্য যে, দীৰ্ঘদিন দিল্লী দিছপুৰত শাসনত থকা কংগ্ৰেছ আৰু আজিৰ বিজেপি চৰকাৰৰ জনজাতিকৰণৰ বিষয়ত একে ভূমিকা পালন কৰাৰ গুৰুতৰ অভিযোগ কৰে ৷ সভাত সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ডেকাই কয় যে, বৰ্তমানৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনত কা আইনখন সংসদ পাছ কৰাৰ সময়ত কোচৰাজবংশী আৰু আন পাচ জনগোষ্ঠী জনজাতিকৰণ বিলখন ৰাজ্যসভাত উত্থাপন কৰি কাৰ্যকৰী কৰাৰ কোনো পদক্ষেপ অদ্যপৰিমিত নল'লে আমাক আভুৱা ভাৰিলে।

সদৌ অসম কোচৰাজবংশী সন্মিলনীয়ে অসমৰ কোনো জনজাতিৰ অধিকাৰ কাঢ়ি আনি জনজাতিকৰণ বিচৰা নাই। আমি বিচাৰো খিলঞ্জীয়া জাতি জনগোষ্ঠী সমূহৰ সমঅধিকাৰ সম মর্যদা জনজাতিকৰণ বিচৰা নাই বুলি উল্লেখ কৰে । আমি বিচাৰো খিলঞ্জীয়া জাতি জনগোষ্ঠী সমূহৰ সমঅধিকাৰ সমমর্যদা, কোঁচ ৰাজবংশীসকলক জনজাতিকৰণ, কোঁচ ৰাজবংশী সন্মিলনীৰ আজন্ম চৰ্ত।

প্ৰতাৰণা আৰু তোষামোদ ৰাজনীতিৰ পৰা বিৰত থাকি অসমৰ কোচৰাজবংশী সকলৰ পাপ্য অধিকাৰ জনজাতিকৰণৰ বলিষ্ঠ দাবীত পুনবাৰ দিল্লী দিছপুৰক আমি সকিয়াই দিব বিচাৰো যে, কোঁচ ৰাজবংশী জনগোষ্ঠীৰ প্রতিবাদী কণ্ঠ ৰোধ কৰিবলৈ বিচৰা সকলো প্ৰচেষ্টা প্ৰতিহত কৰি আজি শক্তিশালী গণ আন্দোলনৰ আৰম্ভণি হৈছে ৷ অহা ১৭ নৱেম্বৰত নাজিৰা জিলাৰ শিমলুগুৰিত ৰেল অৱৰোধ, ৩০ নৱেম্বৰত দিল্লীৰ যন্ত্ৰৰ মন্তৰত জনজাতিকৰণৰ বলিষ্ঠ দাবীত পুনৰবাৰ দিল্লী দিছপুৰক আমি সকীয়নি দিব বিচাৰো যে, কোচৰাজবংশী জনগোষ্ঠী প্ৰতিবাদ কণ্ঠ ৰোধ কৰিবলৈ বিচৰা সকলো প্ৰচেষ্টা প্ৰতিহত কৰি শক্তিশালী গণ আন্দোলনৰ আৰম্ভণি হৈছে বুলি ভাষনত তেওঁ উল্লেখ কৰে ৷

সোমবাৰে ৰেলপথ অৱৰোধত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্য্যকৰী সভাপতি ভোলা বৰা,উপ সভাপতি খগেন্দ্ৰজিৎ ঠাকুৰীয়া, দৰং জিলা সমিতিৰ সভাপতি হিতেশ পাঠক, সম্পাদক অন্তিৰাম ডেকা, ধেমাজি জিলা কোঁচ ৰাজবংশী সন্মিলনীৰ সভাপতি জয়ন্ত দত্ত, কোচ ৰাজবংশী সন্মিলনীৰ ধেমাজি জিলা সমিতিৰ সভাপতি দিগন্ত তালুকদাৰে ভাষন প্ৰদান কৰি কোঁচ ৰাজবংশীক জনজাতি কৰন নকৰিলে ভয়ংকৰ গনতান্তিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷ ৰেল পথ অৱৰোধৰ পুৰ্বে বৰদলনি ছোৱালী হাইস্কুলৰ খেলপথাৰৰ পৰা প্ৰতিবাদী সকলে বিশাল সমদল কৰি গৈ ৰেল পথ অৱৰোধ কৰে ৷

আৰু পঢ়ক: বলপূৰ্বক ধৰ্ম পৰিবৰ্তনৰ বাবে কেন্দ্ৰই কি পদক্ষেপ গ্ৰহণ কৰিছে? উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

assam dhemaji himanta biswa sarma protest