ধেমাজি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ নতুন সমিতি গঠন...

বিগত বছৰৰ দৰে এই বছৰো ধেমাজি কেন্দ্ৰীয়  ৰঙালী বিহু সন্মিলনে আগন্তুক ৫৪ সংখ্যক ৰঙালী বিহু সন্মিলনখনি অনুষ্ঠিত কৰা উদ্দেশ্যে শনিবাৰে  ধেমাজি ডি. আৰ. ডি. এৰ সভা কক্ষত এখনি ৰাজহুৱা

author-image
Asomiya Pratidin
New Update
বিগত বছৰৰ দৰে এই বছৰো ধেমাজি কেন্দ্ৰীয়  ৰঙালী বিহু সন্মিলনে আগন্তুক ৫৪ সংখ্যক ৰঙালী বিহু সন্মিলনখনি অনুষ্ঠিত কৰা উদ্দেশ্যে শনিবাৰে  ধেমাজি ডি. আৰ. ডি. এৰ সভা কক্ষত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ বিগত ৫৩ সংখ্যক ধেমাজি কেন্দ্ৰীয় বিহু সন্মিলনৰ সভাপতি মনোজ কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ধেমাজি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সম্পাদক দেৱজিৎ দাসে ৷

ডিজিটেল সংবাদ , ধেমাজিঃ  বিগত বছৰৰ দৰে এই বছৰো ধেমাজি কেন্দ্ৰীয়  ৰঙালী বিহু সন্মিলনে আগন্তুক ৫৪ সংখ্যক ৰঙালী বিহু সন্মিলনখনি অনুষ্ঠিত কৰা উদ্দেশ্যে শনিবাৰে  ধেমাজি ডি. আৰ. ডি. এৰ সভা কক্ষত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ বিগত ৫৩ সংখ্যক ধেমাজি কেন্দ্ৰীয় বিহু সন্মিলনৰ সভাপতি মনোজ কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ধেমাজি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সম্পাদক দেৱজিৎ দাসে ৷

Advertisment

উদ্দেশ্য ব্যাখ্যাত সম্পাদক গৰাকীয়ে ধেমাজি কেন্দ্ৰীয় বিহু সন্মিলনে সন্মিলিত ভাৱে এইবাৰ ধেমাজিত ৫৪ সংখ্যক ৰঙালী বিহু সন্মিলনখনি অনুষ্ঠিত কৰিব বিচৰা লগতে হৈ যোৱা বিহু সন্মিলনৰ হিচাপ দাখিলৰ বিষয়লৈ সভাৰ আয়োজন কৰা হৈছে বুলি উল্লেখ কৰে ৷ সভাত বিগত ২০২৪ বৰ্ষৰ ৫৩ সংখ্যক বিহু সন্মিলনৰ মুঠ ২১ লাখ ২৪ হেজাৰ ৩ শ ৬০ টকা খৰছৰ হিচাপ সভাত দাখিল কৰে ৷

বিগত বৰ্ষৰ  ধেমাজি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত সংগৃহীত মুঠ ২১ লাখ ২৫ হেজাৰ টকা ধনৰ  ভিতৰত ৰাহি ঘৰত থাকে 
মাত্ৰ ৬৪০ টকাহে ৷ সভাত  বিভিন্ন সময়ত ৰঙালী বিহু সন্মিলন সমূহ অতি ওচৰা-ওচৰিকৈ অনুষ্ঠিত কৰা বাবে সকলো দিশতে ৰাইজৰ অসুবিধাৰ দিশ সমূহৰলৈ লক্ষ্যৰাখি ধেমাজিত এইবাৰ সুকীয়া- সুকীয়াকৈ বিহু অনুষ্ঠিত নকৰি সকলোৱে একত্ৰিত হৈ সন্মিলিত ভাৱে ধেমাজি কাছাৰী ময়দানত ৰঙালী বিহু সন্মিলনখনি  উদযাপন কৰা সম্পৰ্কত ড° বুদ্ধিন্দ্ৰ বৰুৱা, হেমন্ত বৰপাত্ৰ গোহাঁই , ঘনকৃষ্ণ বৰগোহাঁই , মোহন চুতীয়া , বুদ্ধেশ্বৰ কোঁৱৰ , ৰবি গগৈ , লক্ষেশ্বৰ কোঁৱৰ , ৰঘু কলিতা, বিপ্লৱ কোঁৱৰ , ৰিংক গগৈ কোঁৱৰ , আটাছুৰ পংকজ বৰগোহাঁই , বীৰ লাচিত সেনা মিন্টু গগৈ , টাই আহোম যুৱ পৰিষদৰ  গনেশ গগৈ , আটাছুৰ ধেমাজি সদৰ মহিলা মঞ্চৰ বিষয়ববীয়া সকল , প্ৰনৱ হাজৰিকা , মহন্ত নৰহকে ধৰি বিভিন্ন বিহু সমিতিৰ বিষয়ববীয়া, বিশিষ্ট ব্যক্তি আৰু ৰাইজে উপস্হিত  থাকি নিজা নিজাকৈ বক্তব্য  আগবঢ়াই সন্মিলিতভাৱে ধেমাজি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি অনুষ্ঠিত কৰা  পোষকতা কৰে ৷

এইবাৰ আগুন্তক ৫৪ সংখ্যক  ধেমাজি কেন্দ্ৰীয় ৰঙালী বিহু  সন্মিলন খনি অহা ২২, ২৩ আৰু ২৪ এপ্ৰিলত তিনি দিনীয়াকৈ বিস্তৃত কাৰ্য্যসূচীয়ে ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত কৰিবলৈ সভাই  সিদ্ধান্ত গ্ৰহন কৰা লগতে  মনোজ কোঁৱৰক সভাপতি ,  বিপ্লৱ কোঁৱৰক কাৰ্য্যকৰী সভাপতি , দেৱজ্যেতি দাস ( লালটু)ক মুখ্য সম্পাদক আৰু মাধুৰ্য বুঢ়াগোহাঁই আৰু   সতীশ বৰুৱাক সাংস্কৃতিক সম্পাদকদ্বয় হিচাপে ধৰি এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়। উল্লেখ্য যে ধেমাজি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে সন্মিলিতভাৱে একেখন মঞ্চতে সকলোৱে ৰঙালী বিহু  সন্মিলন একে লগে অনুষ্ঠিত কৰিবলৈ লোৱা এই প্ৰচেষ্টাক সভাত উপস্হিত সকলোৱে আদৰণি জনায় ৷ 

ৰঙালী বিহু