১৩ সংখ্যক সদৌ অসম আন্তঃ জিলা চাৱ জুনিয়ৰ কাবাডী প্ৰতিযোগিতাৰ সামৰণি

ধেমাজি জিলা ক্ৰীয়া সন্থাৰ উদ্যোগত ১৩ সংখ্যক সদৌ অসম আন্তঃজিলা চাৱজুনিয়ৰ ১৬ বছৰ অনুৰ্দ্ধ ল'ৰা আৰু ছো্ৱালীৰ কাবাডী প্ৰতিযোগিতাৰ খেলৰ দেওবাৰে সামৰণি পৰে ৷

author-image
Asomiya Pratidin
New Update
১৩ সংখ্যক সদৌ অসম আন্তঃ জিলা চাৱ জুনিয়ৰ কাবাডী প্ৰতিযোগিতাৰ সামৰণি

ডিজিটেল সংবাদ ,ধেমাজি: ১ ডিচেম্বৰ পৰা চাৰিদিনীয়াকৈ ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত হয় ১৩ সংখ্যক সদৌ অসম আন্তঃ জিলা চাৱজুনিয়ৰ কাবাডী প্ৰতিযোগিতা । শিৱ সন্দিকৈ সোৱঁৰণীত ধেমাজি জিলা ক্ৰীয়া সন্থাৰ উদ্যোগত অনুষ্ঠিত ১৩ সংখ্যক সদৌ অসম আন্তঃজিলা চাৱজুনিয়ৰ ১৬ বছৰ অনুৰ্দ্ধ ল'ৰা আৰু ছোৱালীৰ কাবাডী প্ৰতিযোগিতাৰ খেলৰ দেওবাৰে সামৰণি পৰে ৷ দেওবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত প্ৰতিযোগিতাৰ খেলত মৰিগাঁওৰ কাবাডী দলে ৪১পন্ট আৰু তামুলপুৰ কাবাডী দলে ৩৪ পন্ট পায় ৷

ফলত ৭ পন্টৰ ব্যৱধানত তামুলপুৰক পৰাজয় কৰি মৰিগাঁও কাবাডী দল চেম্পিয়ন হয় । ইফালে ১৬ বছৰ অনুৰ্দ্ধৰ ছোৱালী কাবাডী দলত চৰাইদেউ কাবাডী দলে ৩৯ পন্টৰ ব্যৱধানত নাহকটীয়া কাবাডী দলক পৰাজয় কৰি চেম্পিয়ন হয় ৷

উল্লেখ্য যে চৰাইদেউ দলে ৫৪ পন্ট পোৱা বিপৰীতে নাহকটীয়া কাবাডী দলে মাত্ৰ ১৫ পন্ট পাবলৈ সক্ষম হয়।

আৰু পঢ়ক: কেৱল নিৰ্বাচনৰ পূৰ্বে বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চাত কিয় আজমল?

assam dhemaji