ধেমাজিত ড্ৰাগছসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ধেমাজিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকা সময়তে ধেমাজি আৰক্ষীৰ এটি দলে সোমবাৰে সন্ধিয়া এক অভিযান চলাই ধেমাজি নগৰৰপৰা মাৰাত্মক ড্ৰাগছসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়৷ 

author-image
Asomiya Pratidin
New Update
DRGSSSHMJI

ডিজিটেল সংবাদ, ধেমাজিঃ  ধেমাজিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকা সময়তে ধেমাজি আৰক্ষীৰ এটি দলে সোমবাৰে সন্ধিয়া এক অভিযান চলাই ধেমাজি নগৰৰপৰা মাৰাত্মক ড্ৰাগছ সহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়৷ 

আৰক্ষীয়ে সৰবৰাহকাৰীটোৰ পৰা তিনিটা হেৰ'ইন ভৰ্তি কন্টেইনাৰসহ নগদ ৫০০০টকা জব্দ কৰে৷  তদুপৰি সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা AS06H2171 নম্বৰৰ এখন বগা ৰঙৰ চুইফট্ ডিজায়াৰ গাড়ীও জব্দ কৰিছে৷ আটকাধীন সৰবৰাহকাৰীটো ধেমাজি আমগুৰি গাঁৱৰ সীমাঞ্চু কুলি বুলি আৰক্ষীয়ে জনাইছে৷

ধেমাজি