ধেমাজি কৃষি বিভাগৰ অভিলাষী প্ৰকল্প এপাৰ্ট সম্পৰ্কে আলোচনাসভা...

ধেমাজি জিলা কৃষি বিভাগৰ দ্বাৰা এপাৰ্ট আঁচনিৰ অধীনত জিলাখনৰ কৃষকক "কৃষি যান্ত্রিকীকৰণ”ৰ ক্ষেত্ৰত অধিক আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে শনিবাৰে বুটিকোৰ কৃষি চক্ৰৰ

author-image
Asomiya Pratidin
New Update
ধেমাজি কৃষি বিভাগৰ অভিলাষী প্ৰকল্প এপাৰ্ট সম্পৰ্কে আলোচনাসভা...

dhemaji

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলা কৃষি বিভাগৰ দ্বাৰা এপাৰ্ট আঁচনিৰ অধীনত জিলাখনৰ কৃষকক "কৃষি যান্ত্রিকীকৰণ”ৰ ক্ষেত্ৰত অধিক আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে শনিবাৰে বুটিকোৰ কৃষি চক্ৰৰ অধীনৰ গপাক পথাৰত যান্ত্রিক পদ্ধতিৰে শস্য চপোৱা অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

Advertisment

কৃষি বিভাগৰ অভিলাষী প্ৰকল্প এপাৰ্ট (APART)ৰ অধীনৰ 'মিনি কম্বাইন হাৰ্ভেষ্টাৰ' যন্ত্ৰৰ দ্বাৰা আনুষ্ঠানিকভাৱে শালি ধান চপায় ৰাজ্যৰ শিক্ষামন্ত্ৰী তথা ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ ৰনোজ পেগুৱে ৷ অনুষ্ঠানত জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা কৃষকসকলৰ লগতে অতিথি হিচাপে উপস্থিত থাকে জিলাৰ অতিৰিক্ত উপায়ুক্ত যাদৱ পেগু।

লগতে অনুষ্ঠানত উপস্থিত থাকে জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ, ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ জেষ্ঠ কৃষি বিজ্ঞানী তথা মুৰব্বী গুঞ্জন গগৈ, জিলা কৃষি বিষয়া চিৰঞ্জীত শৰ্মা, সহকাৰী কৃষি সঞ্চালক গুঞ্জানন দেউৰী আৰু নৰনাথ পেগু, সহকাৰী কাৰিকৰী অভিযন্তা সৰু কুমাৰ পাগাগ, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া নাচেৰ ৰেজা, এটি.এম .এ. চি. এচ . এচৰ(ATMA CSS) উপ প্ৰকল্প সঞ্চালক ৰাণা বুঢ়াগোহাঁইৰ প্ৰমুখ্যে আন্তৰাষ্ট্ৰীয় ধান গৱেষনা কেন্দ্ৰৰ বিষয়াৰ উপৰিও কৃষি বিভাগৰ অন্যান্য কৰ্মকৰ্তা সকল।

কৃষি যান্ত্রিকীকৰণৰ জৰিয়তে কৃষক ৰাইজে যাতে কম সময় আৰু কম ব্যয়েৰে কৃষি কাৰ্যক এক লাভজনক ব্যৱসায়লৈ ৰূপান্তৰিত কৰিব পাৰে, এই বিষয়লৈ কৃষক সকলক উদ্দেশ্যি মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰদান কৰে ৷

আৰু পঢ়ক : নুমলীগড়ৰ বৰটিকা-অফলা হাইস্কুলৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান...

assam dhemaji