ঢেকিয়াজুলিত আৰক্ষীৰ সফলতাঃ ৫জনীয়া ডকাইতৰ দলক গ্ৰেপ্তাৰ

ঢেকিয়াজুলিত আৰক্ষীৰ সফলতাঃ ৫জনীয়া ডকাইতৰ দলক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, ওৰাংঃ ঢেকিয়াজুলিত ডকাইতি কাণ্ড আৰু চুৰিৰ ঘটনাই আৰক্ষীৰ মুৰৰ কামুৰনি সৃষ্টি কৰিছিল৷ ইয়াৰ পিছতেই আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল ডকাইত আৰু চোৰৰ বিৰুদ্ধে৷ অৱশেষত দেওবাৰে নিশা ঢেকিয়াজুলি আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয়৷

নিশাটোৰ ভিতৰতে এটা বৃহৎ ডকাইতৰ দলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ঢেকিয়াজুলি আৰক্ষী গ্ৰেপ্তাৰ কৰা ৫ জনীয়া ডকাইতৰ দলটোত আছে দুধৰ্ষ ডকাইত ফাকুক আলি ওৰফে জিন্নত আলি (২০) মুকতাৰ হুছেইন (২২)হাবিজুল ইছলাম (২২) ইয়াছিন আলি (২০)আৰু মহম্মদ আলি(৬৮)৷ আৰক্ষীয়ে ৪গ্ৰাম সোন, ১৫ হেজাৰ টকা সহ এটা মোবাইল হেণ্ডচেট জব্দ কৰে৷

অৰক্ষীয়ে এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৪৫০/৩৯৫ ধাৰাত এক গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে৷ উল্লেখ্য যে যোৱা ১৬ মাৰ্চত ঢেকিয়াজুলিৰ চিৰাজুলিত সংঘটিত ডকাইটি কাণ্ডত জড়িত আছিল গ্ৰেপ্তাৰ হোৱা এই কেইজন দুধৰ্ষ ডকাইত ৷ উক্ত ডকাইতি কাণ্ডত মুঠ ৯ টা ডকাইটৰ ভিতৰত ৫জন ডকাইতক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷

ঢেকিয়াজুলিত আৰক্ষীৰ সফলতাঃ ৫জনীয়া ডকাইতৰ দলক গ্ৰেপ্তাৰ
ঢেঁকীবোৰ নোহোৱা হ'ল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in