ঢেঁকীবোৰ নোহোৱা হ'ল...

ঢেঁকীবোৰ নোহোৱা হ'ল...

লক্ষ্মীপ্ৰিয়া দত্ত

ঢেঁকীৰ মাতে বিহু আনে। ঢেঁকীৰ ঢেং কোলোচ মাতত তৎ নাইকিয়া হয় জীয়ৰী বোৱাৰীৰ। প্ৰায় সকলোৰে ঘৰে ঘৰে এজাক মহিলাই খুন্দিছে বিহুৰ বাবে জা-জলপান, চিৰা-সান্দহ- এইয়া হৈছে কেইবছৰমান আগৰ অসমীয়া চহা জনজীৱনৰ ছবি। কিন্তু বৰ্তমান এই ছবি অতীতৰ হোৱাৰ পথত।

ঢেঁকী হৈছে অসমীয়া চহা জনজীৱনৰ এবিধ পৌৰাণিক আহিলা। ঢেঁকী অসমীয়া জাতীয় জীৱনৰ আদৰৰ, এসময়ৰ দৈনন্দিন জীৱনৰ আপুৰুগীয়া সম্পদ ঢেঁকী। ভোগালী বিহু আৰু ৰঙালী বিহুত ঢোলৰ চেওৰ লগত যেন ঢেঁকীৰ শব্দই বিহুত অইন এটি উৎসাহৰ ৰহণ সানে।

অসমত অতীজৰে পৰা ঢেঁকীৰ প্ৰচলন হৈ আহিছে। পূর্বতে ধান, ঘেঁহু, চিৰা, সান্দহগুড়ি এনেধৰণৰ প্ৰায়বোৰ সামগ্ৰী ঢেঁকীতে খুন্দা হৈছিল। অসমীয়া সাহিত্য-সংস্কৃতিৰ লগত ঢেঁকীৰ এক নিবিড় সম্পর্ক আছে।

বিহু বুলিলেই ঢেঁকীৰ ব্যৱহাৰ অপৰিহাৰ্য। কিন্তু বৰ্তমান সময়ত ঢেঁকীৰ ব্যৱহাৰ কমি অহা পৰিলক্ষিত হৈছে। এসময়ত এনেকুৱা এখন ঘৰ নাছিল, যাৰ ঘৰত ঢেঁকী নাছিল কিন্তু; পূৰ্বতে ঢেঁকীৰ মাতত সাৰ পোৱা গাঁৱখনত বর্তমান ঢেঁকীৰ মাতেই শুনিবলৈ পোৱা নাযায়।

এটা সময়ত অসমৰ গাঁও অঞ্চলত ঢেঁকীতেই খুন্দা হৈছিল ধান। ঢেকীত খুন্দা হৈছিল বিহু, সকাম-নিকামৰ বাবে জলপান চিৰা, সান্দহ, পিঠাগুড়ি। কিন্তু বিজ্ঞান-প্ৰযুক্তিৰ উন্নয়নৰ লগে লগে যন্ত্ৰচালিত সঁজুলিয়ে অসমীয়া সমাজত ঢেঁকীৰ অস্তিত্বত প্ৰশ্ন উত্থাপিত কৰিছে । অসমীয়া সমাজত এসময়ত ঢেঁকীত খুন্দা চাউলৰেহে সকাহ-নিকাম পতা পৰম্পৰা আছিল। এতিয়া অৱশ্যে এইবোৰ বিলুপ্তিৰ পথত।

পূৰ্বতে ঢেঁকীৰ সৈতে অসমীয়া সমাজত কিছু সংখ্যক লোকাচাৰৰ প্ৰচলন আছিল। বিবাহ অনুষ্ঠানৰ অন্তৰ্গত লোকাচাৰ গাঁঠিয়ন খুন্দাত ঢেঁকী ব্যৱহৃত হয়। ঢেঁকীশাল লখিমীৰ বাসস্থান। নতুন কইনাই গৃহ-প্ৰৱেশ কৰোঁতে তেওঁক ঢেঁকীশাল দেখুওৱাৰ নিয়ম বহু সমাজত আছে।

মাঘ বিহুৰ দিনা পুৱা বাৰীৰ লাগনী গছ, ঘৰৰ খুঁটা আদিৰৰ লগতে ঢেঁকীতো ধানখেৰ মেৰিয়াই বান্ধ দিয়া হয়। এই লোকাচাৰ 'মাঘ-বন্ধা' হিচাপে জনাজাত। বতৰ খৰাং হ’লে কোনো এঘৰৰ পৰা সূৰুযমুখী ঢেঁকী (পূবা-পশ্চিমাকৈ পতা) ৰাতিটোৰ ভিতৰতে চুৰ কৰি নি ওভোটাই পুতি থৈ দিয়া হয়। এনে কৰিলে শীঘ্ৰে বৰষুণ হয় বুলি বিশ্বাস আছিল।

ইয়াৰোপৰি বিহুত, লখিমী বাৰ হিচাপে গণ্য কৰা বৃহস্পতিবাৰে, মৃতকৰ সকাম আদিত ঢেঁকীশাল মচি-কাচি পৰিষ্কাৰ কৰি ৰখা হয়। কোনো কোনো জনগোষ্ঠীৰ লোকে ঘৰত নতুনকৈ ঢেঁকীশাল স্থাপন কৰিলে তিনিগৰাকী বা পাঁচগৰাকী গোপিনীক নিমন্ত্ৰণ কৰি কলপিঠা দিয়া অনুষ্ঠানৰ আয়োজন কৰাৰো নিয়ম প্ৰচলন আছিল।

উল্লেখযোগ্য যে ঢেঁকীৰ বিভিন্ন অংশক বিভিন্ন নামেৰে জনা যায়। অঞ্চল আৰু জনগোষ্ঠীয় সমাজভেদে এই অংশবিলাকৰ নাম ভিন্ন হোৱা দেখা যায়। প্ৰায় পাঁচ হাত মান দীঘল আয়তাকাৰ কাঠৰ টুকুৰাৰ আগফালে এটা ফুটা কৰি তাত ভাল কাঠৰ দীঘলীয়া টুকুৰা এডাল লগোৱা হয়, যাক 'ঢেঁকাথোৰা' বোলা হয়। এই থোৰা ডাল সাধাৰণতে মজবুত কাঠৰ হ’ব লাগে। থোৰাটোৰ একেবাৰে মূৰত আঙুঠি সদৃশ এডোখৰ লো লগোৱা থাকে যাক 'গুল' বুলি কোৱা হয়। থোৰাটোৱে য'ত ধান খুন্দে তাক 'খুবলি' বোলা হয়।

ঢেঁকীৰ একেবাৰে পাছফালৰ যিখিনি অংশ ভৰিৰে ব্যৱহাৰ কৰা হয় সেই অংশক 'ঢেঁকী নেজ' বোলা হয় । সেইখিনিৰ পৰাই অলপ আঁতৰতে এডাল শলাৰে ঢেঁকীৰ ভাৰসাম্য ৰক্ষা কৰা হয় যাক আকৰ শলা ,আখল শলা বা মলুৱা বাৰি বুলি কোৱা হয়। এই শলা ডাল দুয়োফালে দুযোৰ Y আকৃতিৰ সৰু কাঠৰ বা বাঁহৰ কলি কটা খুটাত বহুৱাই ৰখা হয় । এই খুটা যোৰক কঁতৰা বোলা হয়।

ইয়াৰ উপৰি মূল ঢেঁকীৰ অংশ নহ'লেও গুৰি কৰি থকা অংশখিনি খুবলিত ওলোৱা-সোমোৱা কৰিবলৈ এডাল দীঘল মাৰি অকলশৰীয়া ঢেঁকী দিওঁতা জনে ব্যৱহাৰ কৰে, যাক বঢ়নি মাৰি বুলি কোৱা হয়। আনহাতে, সান্দহ, চিৰা আদি খুচৰিবলৈ ব্যৱহাৰ কৰা চেপেটা মাৰি ডালক খচ্‌ৰা বাৰি বা উখনি মাৰি বোলা হয়। ঢেঁকী নেজৰ সৈতে বন্ধা চালিৰ জৰী ডালক ঢেঁকী জৰী বোলে। ঢেঁকী দিওঁতে ভাৰসাম্য ৰাখিবলৈ হাতেৰে ধৰা জৰী ডালক সতিনী জৰী বোলা হয়।

প্ৰণিধানযোগ্য যে ঢেঁকীৰ লগত নাৰী সমাজৰ ওতঃপোতঃ সম্পৰ্ক আছে। পূৰ্বতে কৃষিজীৱি পৰিয়ালত দৈনিক ব্যৱহৃত চাউল প্ৰতিদিনে গৃহিনীসকলে ঢেঁকীত খুন্দি ধান উলিয়াই থোৱাৰ নিয়ম আছিল। বিহু, বিয়া-বিবাহৰ সময়ত ঢেঁকীশালত নাৰীসকলৰ ব্যস্ততা বাঢ়ে। বিধে বিধে জা-জলপান খুন্দি তেওঁলোকে ৰান্ধনিশালৰ চাং-হেঁদালি ভৰাই থয়।

পটু গৃহিনীসকলে উৎসৱ পাৰ্বনৰ বাহিৰে অন্য সময়তো চেগ বুজি জা-জলপান খুন্দি থয়। ঘৰৰ সকলোকে নানা বিধৰ জা-জলপান যতনাই দিয়াৰ উপৰি তাৰে আলহী অতিথিৰ আপ্যায়নো কৰে। ৰান্ধনীশানৰ কামৰ অন্তত আইনাম, বিয়ানাম, বিহুনাম গুণগুণাই জীয়াৰী বোৱাৰীয়ে মন মুকলি কৰাৰো সুযোগ ঢেঁকীশালতে পায়।

আইনাম, বিয়ানামৰ দৰে অসমীয়া লোক সাহিত্যৰ সৃষ্টি হয়তো অনাখৰী নাৰীসকলৰ মুখত ঢেঁকীশালতেই হৈছিল। ঢেঁকী আছিল অতীজত নাৰীসমাজত শাৰীৰিক ব্যায়ামৰ আহিলা, ঢেঁকীশালখন এক ব্যায়ামাগাৰ।

আজিৰ প্ৰজন্মৰ অধিকসংখ্যকৰেই হয়তো ঢেঁকীৰ বিষয়ে সম্যক জ্ঞান নাই। যান্ত্ৰিকতাৰ পৃথিৱীখনত নিজকে ঢাল খুৱাবলৈ যাওঁতে মানুহে অসমীয়া সমাজৰ বহুখিনি আপুৰুগীয়া সম্পদ পিছত এৰি থৈ আহিছে। যাৰ ঠাই লৈছে কিছুমান যন্ত্ৰচালিত সঁজুলিয়ে। এনেকৈ বহু সামগ্রী অসমীয়াৰ মাজৰ পৰা বিলুপ্তিৰ পথত। পশ্চিমীয়া সংস্কৃতিক আঁকোৱালি লওঁতে নিজস্বতা হেৰুৱাই পেলাইছে অসমীয়াই।

বৰ্তমান সময় আধুনিকতাৰ লগত খোজে খোজ মিলাই চলাৰ সময়। কিন্তু এইসমূহৰ মাজতে পুৰণিক আগুৱাই নিয়াটো আমাৰ কৰ্তব্য-দায়িত্ব। যান্ত্ৰিকতাৰ পৃথিৱীত বিভিন্ন ৰীতি-নীতি, পৰম্পৰা বিলুপ্ত হৈছে যদিও অসমীয়া জাতিটোৰ নিজস্বতা, স্বকীয়তা বজাই ৰখাৰ দাযিত্ব আমাৰ হাতত, অসমীয়াৰ হাতত, যুৱ প্ৰজন্মৰ হাতত।

এতিয়াও অসমৰ বহু গ্ৰামাঞ্চলত ঢেঁকীৰ অস্তিত্ব কিছু পৰিমাণে বৰ্তি আছে। সময় থাকোতেই নতুন প্ৰজন্মক এই পৌৰাণিক পৰম্পৰাসমূহৰ চিনাকি কৰাই দি এইসমূহ ধৰি ৰখাৰ অন্তিম উপায়। নহ'লে ঢেকীয়েই নহয়, অসমীয়া সমাজৰ পৰা হেৰাই যাব অসমীয়াৰ সম্পদ, অসমীয়াৰ স্বকীয়তা, নিজস্বতা...

ঢেঁকীবোৰ নোহোৱা হ'ল...
পদুম ভাল পাই খাটিখোৱাই !

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in