স্বাধীনতাৰ ৭৫ বছৰ পাছতো পকী নহ'ল দলং...

স্বাধীনতাৰ ৭৫ বছৰ পাছতো পকী নহ'ল দলং...

ডিজিটেল ডেস্ক : দুধনৈ বিধান সভা সমষ্টিৰ দেওখিলা নৈৰ ওপৰৰ এখন দলঙে জলা-কলা খুৱাইছে দুধনৈবাসীক । ধানবড়ী গাৱঁত অৱস্থিত এই দলংখন নিকটৱৰ্তী প্ৰায় ৭-৮ খন গাৱঁৰ যাতায়তৰ একমাত্ৰ পথ । তেনেস্থলত বিপদসংকুল অৱস্থাত থকা এই দলংখনক লৈ আতংকিত গাওঁবাসী ।

ইয়াৰ ওপৰিও এই দলংখন ধানবড়ী গাৱঁৰ জনতাৰ নৈ পাৰ হোৱা একমাত্ৰ সম্বল হোৱা হেতুকে ইয়াৰ জৰিয়তেই পাৰ কৰিব লগীয়া হৈছে দুচকীয়া বাহনো । কিন্তু বাহঁৰ দলং এখনৰ বহন ক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখি অতিক্ৰম কৰিব নোৱাৰে কোনো এম্বুলেঞ্চ অথবা আন জৰুৰীকালীন সেৱা ব্যৱস্থা ।

প্ৰায় ৮ খনৰো অধিক গাওঁ এই জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হোৱাৰ পাছতো গা লৰা নাই স্থানীয় জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষৰ ।

আনহাতে, নিতৌ শ শ ছাত্ৰ-ছাত্ৰীয়ে অহা-যোৱা কৰা এই দলংখন বাৰিষাকালত আৰু ভয়াৱহ হৈ উঠে সকলোৰে বাবে । খৰস্ৰোতা নৈৰ বুকুত শোচনীয় অৱস্থাৰ বাহঁৰ দলংখনে জানো প্ৰদান কৰিব পাৰিব নিৰাপত্তা ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in