/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/sipajhar.jpg)
ডিজিটেল সংবাদ ছিপাঝাৰ: চৰকাৰ- প্ৰশাসনৰ কঠোৰ নিৰ্দেশত ছিপাঝাৰৰ ধলপুৰৰ ভূমি বেদখলকাৰীসকলে মঙ্গলবাৰৰ পৰা নিজেই ঘৰ দুৱাৰ ভাঙি দলগাৱলৈ স্হানান্তৰিত হ'বলৈ লৈছে । উল্লেখ্য যে চৰকাৰ- প্ৰশাসনে ছিপাঝাৰৰ ধলপুৰৰ উচ্ছেদিত লোকসকলৰ লগতে বৰ্তমানেও কৃষি প্ৰকল্পৰ ভূমি বেদখল কৰি থকা লোকসকলক দলগাঁৱত সংস্থাপিত কৰাৰ ব্যৱস্থা গ্ৰহন কৰি প্ৰথম পৰ্যায়ত ৬৩৩ টা পৰিয়ালক দলগাৱলৈ স্হানান্তৰিত হ'বলৈ নিৰ্দেশ দিছে।
সেই অনুসৰি ধলপুৰৰ নিজ শালমাৰাৰ ৫০ টা ভূমি বেদখলকাৰী পৰিয়ালে মঙ্গলবাৰে নিজেই ঘৰ দুৱাৰ ভাঙি দলগাঁৱলৈ স্থানান্তৰিত হোৱাৰ পিছত আজিও বহুকেইটা পৰিয়ালে নিজে ভঙা ঘৰ দুৱাৰৰ সা-সামগ্ৰী সমূহ টেক্টৰেৰে কঢ়িয়াই দলগাঁৱলৈ যায়। প্ৰশাসনে যোগান ধৰা ১০০ খন টেক্টৰেৰে ভূমি বেদখলকাৰীসকলে ঘৰৰ বস্তু-বাহিনীসমূহ লৈ দলগাঁৱৰ শ্যামপুৰ, ৰৌমাৰীলৈ স্থানান্তৰিত হয় ।
উল্লেখযোগ্য যে, আমছুকে ধৰি বিভিন্ন সংখ্যালঘু সংগঠনে ধলপুৰৰ উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰাৰ পিচত চৰকাৰে আমছুৰ দাবীৰ প্ৰতি সহাৰি জনাই ধলপুৰৰ উচ্ছেদিত লোকসকলক সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰে । যোৱা ৩১ জানুৱাৰীত দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত দলগাৱৰ বিধায়ক মজিবৰ ৰহমান , আমছুৰ নেতৃত্বকে ধৰি বিভিন্ন সংখ্যালঘু সংগঠনৰ সৈতে জিলা প্ৰশাসনে এক বৈঠকত মিলিত হৈ ধলপুৰৰ উচ্ছেদিত ১৪১৮ টা পৰিয়ালৰ লগতে প্ৰশাসনৰ আহ্বানত বৰবাৰীলৈ স্থানান্তৰিত হোৱা ২১০ টা আৰু নিজ শালমাৰাত প্ৰকল্পৰ ভূমি বেদখল কৰি থকা ৪২৩ টা পৰিয়ালসহ মুঠ ২০৫১ টা পৰিয়ালক দলগাৱত সংস্থাপিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
প্ৰথম পৰ্যায়ত নিজ শালমাৰাৰ পৰা বৰবাৰীলৈ স্থানান্তৰিত হোৱা ২১০ টা আৰু নিজ শালমাৰাত প্ৰকল্পৰ ভূমি বেদখল কৰি থকা ৪২৩ টা ( মুঠ ৬৩৩ টা) পৰিয়ালক দলগাঁৱত সংস্থাপিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু এই পৰিয়ালসমূহক দলগাঁৱলৈ স্থানান্তৰিত হ'বলৈ চৰকাৰ- প্ৰশাসনে কঠোৰ নিৰ্দেশ দিয়ে।
উল্লেখযোগ্য যে গৰুখুঁটি কৃষি প্ৰকল্প ৰূপায়নৰ বাবে জিলা প্ৰশাসনে যোৱা ২০ ছেপ্টেম্বৰত উচ্ছেদ অভিযান চলাই ধলপুৰৰ ৭৮৮ টা ভূমি বেদখলকাৰী পৰিয়ালক উচ্ছেদ কৰিছিল। ইয়াৰ দুদিন পিচত ২৩ ছেপ্টেম্বৰত পুনৰ উচ্ছেদ অভিযান চলাই ৬৩০ টা পৰিয়ালক উচ্ছেদ কৰিছিল। উচ্ছেদিত লোকসকলক বেদখলমুক্ত ভূমিৰ প্ৰায় ১০০ মিটাৰ দুৰত্বতে পুনৰ বসতি কৰিবলৈ প্ৰায় ১০০০ বিঘা ভূমি জোখ মাখ কৰি দিয়া হয়।
ইফালে ধলপুৰত দ্বিতীয় দিনা উচ্ছেদ অভিযান চলোৱাৰ সময়ত আৰক্ষী আৰু হাজাৰ হাজাৰ ভূমি বেদখলকাৰীৰ মাজত সংঘটিত ভয়াবহ সংঘৰ্ষত দুজন বেদখলকাৰী আৰক্ষীৰ গুলীত নিহত হোৱাৰ ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত প্ৰশাসনে ধলপুৰত বাকী থকা বেদখলকাৰীসকলক বুজাই বঢ়াই কৃষি প্ৰকল্পৰ ভূমি বেদখলমুক্ত কৰাৰ চেষ্টা চলায় । প্ৰশাসনৰ আহ্বানৰ প্ৰতি সহাৰি জনাই নিজ শালমাৰাৰ ২১০ টা পৰিয়ালে নিজেই ঘৰ দুৱাৰ ভাঙি ইয়াৰ সমীপৰ বৰবাৰী চৰলৈ স্থানান্তৰিত হয় যদিও নিজ শালমাৰাত বৰ্তমানেও ৪২৩ টা পৰিয়ালে কৃষি প্ৰকল্পৰ ভূমি বেদখল কৰি আছে।
ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়া কমলজিৎ শৰ্মাৰ কঠোৰ নিৰ্দেশত ইয়াৰ নিজ শালমাৰাৰ ৫০ টা পৰিয়ালে মঙ্গলবাৰে নিজেই ঘৰ দুৱাৰ ভাঙি দলগাঁৱলৈ স্থানান্তৰিত হোৱাৰ পিচত বুধবাৰেও বহু কেইটা পৰিয়াল স্থানান্তৰিত হয়। ৰাজহ চক্ৰ বিষয়া শৰ্মাই ইয়াৰ ২০৫১ টা ভূমি বেদখলকাৰী পৰিয়ালক পৰ্যায়ক্ৰমে দলগাঁৱলৈ স্থানান্তৰিত কৰি তাত পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।