নাৰী দিৱসত কৰ্ম সংস্কৃতিৰ আদৰ্শ হৈ উজ্বলিছে নাৰী

স্বকীয় বস্ত্ৰ উৎপাদনেৰে স্বাৱলম্বনৰ ঈর্ষণীয় সাফল্য আৰ্জিছে লাবন্য বৰুৱাই
নাৰী দিৱসত কৰ্ম সংস্কৃতিৰ আদৰ্শ হৈ উজ্বলিছে নাৰী

ডিজিটেল সংবাদ, ঢকুৱাখনা : কৰ্মকে জীৱনৰ মূল ধৰ্ম হিচাবে গ্ৰহণ কৰা  ঢকুৱাখনা মহকুমাৰ এগৰাকী কৰ্মোদ্যমী নাৰী ।  প্ৰাত্যহিক জীৱনৰ সদা ব্যস্ততা, দাৰিদ্যতা অথবা  অভাৱ সমস্যাৰ মেটমৰা বোজাই সামান্যতমো বিচলিত কৰিব নোৱাৰা এইগৰাকী প্ৰচুৰ কৰ্ম শক্তিসম্পন্ন মহিলাৰ হৈছে  লাবন্য বৰুৱা । 

ঢকুৱাখনা মহকুমাৰ বাটমাৰী গাঁওৰ বাসিন্দা এইগৰাকী কৰ্মোদ্যমী নাৰীৰ নিৰন্তৰ প্ৰয়াস আৰু প্ৰচণ্ড আত্মোৎস্বৰ্গী  চিন্তা চেতনাৰ ফচল হিচাবে ঈর্ষণীয় ৰূপত গঢ় লৈ উঠিছে "অসম টেক্সটাইল" নামৰ এটা থলুৱা হস্ত তাঁত বস্ত্ৰ নিৰ্মাণৰ উদ্যোগ । চৰকাৰী আঁচনিমুখী অথবা চাকৰিমুখী প্ৰৱণতাই আজিৰ নিবনুৱা আৰু নৱ প্ৰজন্মক গ্ৰাস কৰি ৰখাৰ ক্ষণতে এইগৰাকী কৰ্মঠ নাৰীয়ে এঅনা দুঅনাকৈ মূলধন গোটাই, ধাৰ ঋণেৰে  আত্মনিৰ্ভৰশীলতাৰ সোপান সংগ্ৰহ কৰি নিজ হাতে গঢ়ি তোলা বয়ন শিল্পৰ জৰিয়তে আজিৰ দিনত উপাৰ্জন আৰু সফলতাৰ সৰ্বোচ্চ শিখৰত উপনীত হবলৈ সমৰ্থ হৈছে।

কোনোধৰণৰ চৰকাৰ প্ৰদত্ত প্ৰশিক্ষণ কিম্বা চৰকাৰী বিষয়াৰ দিহা পৰামৰ্শ আৰু অৰ্থানুদানৰ সহায় নোলোৱাকৈ এইগৰাকী আত্মবিশ্বাসী উদ্যমী মহিলা লাবন্য বৰুৱাই  নিজ হাতে শ্ৰম কৰি প্ৰথমে উৰুখা ঘৰৰ বাৰান্দাত স্থাপন কৰি লৈছিল এখন মাটি তাঁত শাল। এই থলুৱা তাঁত শালতেই বয়ন শিল্পৰে স্বাৱলম্বনৰ সেন্দুৰীয়া বীজ অংকুৰিত কৰি আজিৰ দিনত এগৰাকী সফল আৰু সুনিপুন শিপিনী হিচাবে আত্ম প্ৰতিষ্ঠা লাভ কৰাই নহয়, দেশ বিদেশলৈ স্বউৎপাদিত উন্নত মানৰ বস্ত্ৰ সম্ভাৰ ৰপ্তানি কৰি স্বাৱলম্বনৰ সমুজ্জ্বল দৃষ্টান্ত দাঙি ধৰিবলৈ সমৰ্থ হৈছে।

আজি আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ সতে হোৱা বাৰ্তালাপত স্বাভিমানী মহিলা গৰাকীয়ে জনোৱা মতে মনত বয়ন শিল্পৰ এক বিজ্ঞানসন্মত পূৰ্ণাংগ আৰু  সফল উদ্যোগ স্থাপনৰ উচ্চাকাংক্ষা পুহি ৰখা লাবন্য বৰুৱাৰ বাবে এখন ঘৰুৱা তাঁত শালৰ পৰা উৎপাদিত বস্ত্ৰ বিক্ৰী কৰি এই সঞ্চিত সপোন বাস্তৱায়িত কৰাতো  দুৰ্বোধ্য আছিল । তৎস্বত্তেও মনত অদম্য সাহস বান্ধি জীৱন পথৰ সীমাহীন ঘাট প্ৰতিঘাত অতিক্রমী ইস্পিত সপোন বাস্তৱত ৰূপায়ন কৰিবলৈ বদ্ধপৰিকৰ আছিল । এনে সময়তে বৰুৱাৰ এগৰাকী শুভাকাংক্ষী মহিলা উদ্যোগী সোনাৰী চাপৰিৰ উদ্যোগী মহিলা বিদ্যা দিহিঙীয়াৰ সংস্পৰ্শলৈ আহে বৰুৱা । এই গৰাকী কৰ্ম বিশ্বাসী উদ্যমী মহিলা দিহিঙীয়াই বৰুৱাক প্রদান কৰা এখন তাঁতী শালেৰে নিজৰ সপোন পুৰণত দিবা নৈশ একাকাৰ কৰি নামি পৰে দৰিদ্ৰতাই কোঙা কৰা মহিলা লাবন্য বৰুৱা । শুভাকাংক্ষীৰ অনুগ্ৰহত লাভ কৰা এখন তাঁত শালত পেটৰ ক্ষুধা পাহৰি আনৰ পৰা সূতা ধাৰলৈ লৈ একান্ত চিত্তে কাপোৰ বৈ, বিক্ৰী কৰি আৰ্জিত পুঁজিৰে দুই পুত্ৰক  বিজ্ঞান  শিক্ষাৰে শিক্ষিত কৰি তুলিলে । 

পৰৱৰ্তী সময়ত মাতৃৰ অপূৰ্ণ সপোন বাস্তৱায়িত কৰিবলৈ দুই স্নাতক পুত্ৰ ক্ৰমে কুশল  চুতীয়া আৰু যুগল চুতীয়াই বৰ্হিৰাজ্য গোৱালৈ গৈ প্ৰায় ২বছৰ ব্যক্তিগত কোম্পানীত শ্ৰমিক হিচাবে সেৱা আগবঢ়াই আৰ্জিত পুঁজি সঞ্চয় কৰি মাতৃলৈ  প্ৰেৰণ কৰে ।  দুই পুত্ৰৰ কস্তুপাৰ্জিত পুঁজিৰে বৰুৱাই ঘৰৰ চোতালতে হাতে কামে লাগি নিৰ্মাণ কৰি  উলিয়াই এটা  অস্থায়ী তাঁত শাল গৃহ আৰু তাতেই পৰ্যায় ক্ৰমে  ইখনৰ পাছত সিখন বিজ্ঞানসন্মত তাঁত শাল ক্ৰয় কৰি আনি স্থাপন কৰে । বিগত ২০১৭ চনৰ পৰাই স্বাৱলম্বনৰ এই  নিৰন্তৰ সংগ্ৰাম অব্যাহত ৰাখি আজিৰ দিনত এগৰাকী সফল আৰু স্বাৱলম্বী শিপিনীলৈ উত্তৰণ ঘটিল বৰুৱাৰ । ইয়াৰোপৰি বৰুৱাৰ মানস পুত্ৰ স্বৰূপ  "অসম টেক্সটাইল" নামৰ বৃহৎ বয়ন উদ্যোগটোৰ স্বত্বাধিকাৰী হিচাবেও বহুল পৰিচিতি লাভ কৰি বহু সংখ্যক নিবনুৱা পুৰুষ মহিলাক সংস্থাপিত কৰিবলৈ সক্ষম হৈছে ।  সম্প্ৰতি মুঠ ১৪ খন বিজ্ঞানসন্মত তাঁত শালত প্ৰায় ২৫ গৰাকী শিপিনী নিয়োজিত কৰাৰ লগতে মহিলা গৰাকীৰ দুই পুত্ৰয়ো স্বনিৰ্ভৰশীলতাৰ সেন্দুৰীয়া পথেৰে অগ্ৰসৰ হৈছে ।  কোনো ধৰণৰ চৰকাৰী বয়ন আঁচনি, অৰ্থ সাহায্য কিম্বা প্ৰশিক্ষণ লাভ নকৰাকৈ কেৱল নিজাববীয়া প্ৰচেষ্টাৰ জোৰত  ১৪ খন তাঁত শালত এৰী মুগা, মুগা, টচ মুগাৰ বিভিন্ন বস্ত্ৰ  সম্ভাৰ, গামোচা, চাদৰ মেখেলা আদি প্ৰস্তুত কৰি থকা পৰিলক্ষিত হল ।

উৎপাদিত বস্ত্ৰ সম্ভাৰৰ বিক্ৰীৰ বাবে কোনোধৰণৰ স্থায়ী বিপনী উপলব্ধ নোহোৱা স্বত্তেও উদ্যমী মহিলা গৰাকীয়ে নিজা ঘৰৰ পৰাই  ৰাজ্যখনৰ লগতে বিদেশলৈকো উৎপাদিত বস্ত্ৰ সম্ভাৰৰ ব্যৱসায় অব্যাহত ৰাখিছে বুলি জানিবলৈ দি আজিৰ দিনত অফলাইন আৰু অনলাইন দুয়ো ব্যৱস্থাৰ জৰিয়তে বস্ত্ৰ সম্ভাৰৰ বিক্ৰী অব্যাহত ৰখা কৰা বুলি জনালে। ভৱিষ্যতে থলুৱা নিভাঁজ সাজ পোছাক উৎপাদনৰ লগতে আগ্ৰহী নিবনুৱাক কৰ্মসংস্থাপনৰ লক্ষ্য পুহি ৰখা কৰ্মঠ মহিলা গৰাকীয়ে এতিয়া সন্তোষজনক অৰ্থোপাৰ্জন কৰিবলৈ সক্ষম হোৱাৰ তথ্য গৰ্বেৰে সদৰী কৰে ।

চৰকাৰী বয়ন আঁচনি বিচাৰি ৰজা ঘৰে প্ৰজা ঘৰে এসময়ত হাঁহাকাৰ কৰা , এখন তাঁত শালৰ অভাৱত এসময়ত আনৰ অনুগ্ৰহ প্ৰাৰ্থী হোৱা এইগৰাকী প্ৰত্যয়ী নাৰীৰ নিৰন্তৰ প্ৰচেষ্টা আৰু অধ্যৱসায়ৰ বলত আত্মনিৰ্ভৰশীলতাৰ সৰ্বোচ্চ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হোৱাটো নৱ প্ৰজন্মৰ বাবে আদৰ্শনীয় অনুকৰণীয় সফল প্ৰয়াস হিচাবে  জনদৃষ্টিত ধৰা দিছে । সভাই সমিতিয়ে সততে নাৰী সবলীকৰণ আৰু কৰ্মসংস্কৃতিৰ ভাষণ মৰা চৰকাৰী মন্ত্ৰী আমোলাৰ তথাকথিত স্বাৱলম্বনৰ আঁচনিয়ে ঢুকি নোপোৱা কৰ্মযোগী মহিলা গৰাকীৰ এনে একক নিৰলস প্ৰচেষ্টা আৰু সফলতাই উদঙাই দিছে  পৰনির্ভৰশীলতা আত্মনির্ভৰশীলতাৰ প্ৰধান অন্তৰায় ।

নাৰী দিৱসত কৰ্ম সংস্কৃতিৰ আদৰ্শ হৈ উজ্বলিছে নাৰী
কাজিৰঙাত শ্ৰী শ্ৰী বাংশীবাদন মন্দিৰত পৰম্পৰাগত দৌল উৎসৱ উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in