/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/7428c2ea-fcb8-425a-963b-0433f25291fc/AP_FOR_WEB_1.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনাৰ চৌর্য্য বৃত্তিত জড়িত ৬ কিশোৰ ছাত্ৰক নিৰ্মম প্ৰহাৰৰ ঘটনাই ক্ৰমাৎ নতুন ৰূপ লোৱা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত গোচৰীয়া আৰু পদকীয়াৰ এজাহাৰৰ ভিত্তিত পঞ্জীভূত দুটাকৈ গোচৰৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত থকাৰ মাজতে উন্মোচিত হৈছে ন ন তথ্য ।
প্ৰধানকৈ দুলিয়া গাঁও তিনিআলিত অৱস্থিত এ টু জেদ ষ্টৰত বিগত ডেৰটা মাহত ১১ বাৰ চোৰ কৰি দিন দুপৰতে লুটপাত চলাই যোৱা ধৃত ৬ গৰাকী কিশোৰ চোৰ কেইজন আছিল ঢকুৱাখনা শংকৰদেৱ শিশু নিকেতন আৰু ঢকুৱাখনা মহাবিদ্যালয়ৰ ছাত্ৰ ।
যোৱা ২০ জানুৱাৰীত কিশোৰ ছাত্ৰ কেইজনক ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বতাধিকাৰী দুলু বৰুৱাই আটক কৰি প্ৰতিষ্ঠানৰ পাছফালে নি আঁঠু কঢ়াই সোধা পোছা কৰাৰ লগতে নিকেতনৰ প্ৰধানাচাৰ্য বনমালি সূতক অৱগত কৰিছিল । পৰৱৰ্তী সময়ত বনমালি সূত উক্ত স্থানত উপস্থিত হৈ প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষৰ সতে আলোচনা কৰি বিষয়টো স্বতাধিকাৰী দুলু বৰুৱাই বাৰম্বাৰ বিচৰা স্বত্তেও আৰক্ষী থানাত অৱগত নকৰাৰ বাবে খাটনি ধৰিছিল ।
কিশোৰ ছাত্ৰ সকলক আঁঠু কঢ়াই জেৰা কৰি থকা অৱস্থাতে উপস্থিত হোৱা প্ৰধানাচাৰ্য গৰাকীয়েও কটু কথা শুনাইছিল শিক্ষাৰ্থী সকলক আৰু প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই এনে আইন হাতত তুলি লৈ প্ৰদান কৰা শাস্তিৰ পৰা উদ্ধাৰ কৰাত কোনো সক্ৰিয় ভূমিকা লোৱা নাছিল শিক্ষক গৰাকীয়ে । তাৰোপৰি বিদ্যালয়খনৰ সন্মান আৰু মৰ্যাদা হানি হব বুলি কৈ আৰক্ষীক গোচৰ নিদিবলৈ খাটনি ধৰি কিশোৰ কেইজনৰ অভিভাৱকক মাতি ক্ষতিপূৰণ প্ৰদান কৰাটো আগভাগ লোৱাৰ তথ্য উন্মোচিত হৈছে প্ৰধানাচাৰ্য গৰাকীৰ বিৰুদ্ধে ।
ইপিনে অভিযুক্ত দুলু শইকীয়াৰ পৰিয়ালে সংবাদ মাধ্যমক জনোৱা মতে বিগত ১১ বাৰ কৰা চুৰি কাৰ্যৰ সকলো মূল্যায়ন কৰি স্থানীয় গাঁওৰক্ষী বাহিনীৰ উপস্থিতিত আলোচনা কৰি প্ৰায় ২ লাখ ৯০ হাজাৰ টকা অভিভাৱকসকলে স্বেচ্ছাই প্রতিষ্ঠানটোৰ কৰ্তৃপক্ষক আদায় দিয়ে । ষ্টাম্প পেপাৰ'ত অভিভাৱক, প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষ আৰু দুলিয়া গাঁও গাঁওৰক্ষী বাহিনীৰ স্বাক্ষৰেৰে যোৱা ২৩ জানুৱাৰীত চুক্তিপত্ৰ সম্পন্ন কৰি ক্ষতিপূৰণ দিয়াৰ পাছত পুনৰ চুক্তি উলংঘাৰে গোচৰ তৰা ১১গৰাকীৰ বিৰুদ্ধে অভিযুক্তৰ পিতৃ বিপুল বৰুৱাই এক গোচৰ ৰুজু কৰিছে আৰু উক্ত গোচৰ পঞ্জীয়ন হৈছে সদৰ থানাত ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/c0b24620-bcdb-48c7-9e9e-eca767a75ef0/WhatsApp_Image_2023_01_30_at_11_20_00_AM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/95ec4af7-7b79-48ff-8d7a-2cfd13d748c1/WhatsApp_Image_2023_01_30_at_11_20_00_AM__1_.jpeg)
উল্লেখ্য যে ঘটনাৰ সতে শেহতীয়াকৈ সাঙোৰ খাই পৰা ঢকুৱাখনা শংকৰদেৱ শিশু নিকেতনৰ প্ৰধানাচাৰ্য বনমালী সূতক দেওবাৰে ঢকুৱাখনা আৰক্ষীয়ে থানালৈ তলব কৰি জেৰা কৰা আৰম্ভ কৰিছে । শিক্ষাগুৰু গৰাকীয়ে কিশোৰ শিক্ষাৰ্থী সকলৰ বিপথগামী চৰিত্ৰ সংশোধন কৰাৰ বাবে আৰক্ষীৰ হস্তক্ষেপ আৰু কাউন্সিলিংৰ আশ্ৰয় নলৈ স্পৰ্শকাতৰ বিষয়টো গাপ দিবলৈ চেষ্টা কৰাতো আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/bd017f5a-eedc-4685-904e-102249896b63/WhatsApp_Image_2023_01_30_at_11_24_19_AM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/5645ba85-41be-4fe1-90cb-c8f6a20a2824/WhatsApp_Image_2023_01_30_at_11_24_18_AM.jpeg)
ঢকুৱাখনা থানাৰ তদন্তকাৰী আৰক্ষীৰ নিখুঁত তদন্তৰ পাছতহে প্ৰকৃত সত্য ছবি এখন পোহৰলৈ আহিব যদিও নিকেতনৰ প্ৰধানাচাৰ্য গৰাকীৰ উপস্থিতিতে কিশোৰ কেইগৰাকীক আঁঠু কঢ়াই থোৱা স্বত্তেও বাধা নিদি অভিযুক্ত পক্ষক উৎসাহিত কৰাৰ প্ৰামানিক তথ্য উন্মোচিত হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটিছে ।
আৰু পঢ়ক : সাহিত্য সভাৰ সাংস্কৃতিক মঞ্চৰ বাবে এদল কিশোৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস...