/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/84360798-d79b-4d1a-8180-27cdf40c2c62/street_play.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্যখনৰ লগতে ঢকুৱাখনা মহকুমাত ব্যাপক প্ৰাদুৰ্ভাৱ ঘটা মাৰাত্মক ড্ৰাগছৰ প্ৰচলন ৰোধ কৰি নৱ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ এইবাৰ ঢকুৱাখনা আৰক্ষী সুকীয়া পৰিকল্পনাৰে হাতত তুলি লৈছে ব্যতিক্ৰমী অস্ত্ৰ । অবৈধ ড্ৰাগছৰ ভয়াবহ আগ্ৰাসন ৰোধৰ বাবে ঢকুৱাখনা আৰক্ষীয়ে এইবাৰ হাতত লৈছে "বাটৰ নাট"ৰ অস্ত্ৰ। নৱ প্ৰজন্মৰ মাজত এই বিষাক্ত নিচাযুক্ত সামগ্ৰীৰ নেতিবাচক প্ৰভাৱ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে ধাৰাবাহিক হাৰত বাটৰ নাট আৰু সজাগতামূলক সভা অনুষ্ঠিত কৰাত ব্ৰতী হৈছে ঢকুৱাখনা আৰক্ষীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/fc3ba331-b2e0-44c2-8e3d-422f5e01c340/WhatsApp_Image_2022_11_24_at_7_38_37_AM.jpeg)
ঢকুৱাখনা মহকুমাৰ পশ্চিম মাছখোৱা অঞ্চলৰ হাৰ্হি মহাবিদ্যালয়ত বুধবাৰে তাৰেই অংশ হিচাপে অনুষ্ঠিত কৰা হয় এখন বাটৰ নাট আৰু জনসজাগতামূলক সভা। ঢকুৱাখনা আৰক্ষী থানাৰ উদ্যোগত ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া সাধন্য শুক্লবৈদ্য আৰু ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি ৰয়ৰ তৎপৰতাত বুধবাৰে দুপৰীয়া মহাবিদ্যালয় চৌহদত মঞ্চস্থ কৰা হয় এখন বাটৰ নাট ।
সাম্প্ৰতিক সমাজ আৰু সভ্যতালৈ অশনি সংকেত মাতি অনা মাৰাত্মক ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ সেৱনৰ পাৰ্শ্বক্ৰিয়া , জীৱন জীৱিকাৰ প্ৰতি নামি অহা ভয়ংকৰ দুৰ্যোগ আৰু সুস্থ সামাজিক পৰিবেশত সৃষ্টি কৰা অশান্তিকৰ পৰিবেশৰ নিখুঁত মঞ্চায়ন কৰি বাটৰ নাটৰ জৰিয়তে শিক্ষক-শিক্ষাৰ্থী মাজত সজাগতা সৃষ্টি কৰা হয় ।
ইয়াৰোপৰি মহাবিদ্যালয় প্ৰেক্ষাগৃহত সমূহ শিক্ষাৰ্থীৰ উপস্থিতিত ড্ৰাগছ ব্যৱহাৰৰ কু প্ৰভাৱ সন্দৰ্ভত এখন সজাগতা সভাৰো আয়োজন কৰা হয়। সভাত নিৰ্ধাৰিত বিষয় বস্তুৰ সন্দৰ্ভত মহকুমা আৰক্ষী বিষয়া শুক্লবৈদ্য, ভাৰপ্ৰাপ্ত বিষয়া ৰয়, মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ৰিন্টু সন্দিকৈ আদিয়ে বক্তব্য আগবঢ়াই ।
উল্লেখ্য যে, মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ উপলক্ষত ঢকুৱাখনা আৰক্ষীয়ে মহকুমাটোৰ প্ৰান্তে প্ৰান্তে শিক্ষানুষ্ঠান সমূহত উপস্থিত হৈ নিৰন্তৰ ভাবে এনে সজাগতামূলক কাৰ্য্যসূচী গ্ৰহণ কৰি মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে জনমত গঠন কৰি আহিছে ।
আৰু পঢ়ক : ''অসম আৰক্ষী ইমান উগ্ৰ হোৱাৰ প্ৰয়োজন নাছিল'' সীমান্তৰ সংঘৰ্ষৰ ওপৰত মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰতিক্ৰিয়া