/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/missss.jpg)
ডিজিটেল সংবাদ , ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ ঘিলামৰাৰ পৰা এগৰাকী মহিলা দুদিন ধৰি সন্ধানহীন হৈ থকাৰ বাতৰিয়ে প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে । মহকুমাটোৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত চিনাই গাঁৱৰ ক্ষীৰানন্দ বৰুৱাৰ পত্নী ,এটি ২বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ লক্ষী চেতিয়া বৰুৱা(২৩)ই বৃহস্পতিবাৰৰ পুৱা প্ৰায় ৫-৩০ বজাত স্বামীৰ ঘৰৰ পৰা ঘিলামৰা লামুগাওঁস্থিত পিতৃ মাতৃৰ গৃহলৈ বুলি ওলাই আহিছিল ।
পৰৱৰ্তী সময়ত মাতৃৰ সতে ফোন যোগে যোগাযোগ ৰাখি থকাৰ কিছু সময়ৰ পাছৰ পৰাই বোৱাৰী গৰাকীৰ সতে মাতৃৰ সংযোগ বিচ্ছিন্ন হয় । পিতৃ পৰিয়ালে লক্ষী চেতিয়া স্ব গৃহলৈ অহা বুলি আশা কৰি আছিল যদিও নিশা পৰ্যন্ত আহি ঘৰত উপস্থিত নোহোৱাত চিন্তিত পিতৃ পৰিয়ালে ঘিলামৰা থানাত এজাহাৰ দাখিল কৰি সন্ধান উলিওৱাৰ আহ্বান জনায়। জানিব পৰা মতে নিখুঁজ বোৱাৰী গৰাকীৰ মোবাইল ৭০৮৬৭ ১৭৪২৭ টো সুদীর্ঘ সময় ধৰি চুইছ অফ অৱস্থাত আছে।
বহু দিন ধৰি জণ্ডিচ ৰোগত আক্ৰান্ত বোৱাৰী গৰাকীৰ দুটা দিন অতিক্ৰম কৰাৰ পাছতো একো উৱাদিহ উলিয়াব সক্ষম হোৱা নাই ঘিলামৰা আৰক্ষী। সন্ধানহীন বোৱাৰী গৰাকীৰ পিতৃয়ে জনোৱা মতে জণ্ডিচ ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে ২বছৰীয়া পুত্ৰ সন্তানটোক পিতৃ মাতৃয়ে নিজৰ গৃহলৈ এদিন পূৰ্বে লৈ আনিছিল।
কিন্তু পাছ দিনা লক্ষীয়ে পুত্ৰৰ ওচৰলৈ আহিবলৈ মনস্থ কৰি।স্বামী গৃহৰ অনুমতি সাপেক্ষে পুৱাই ঘৰমুখী যাত্ৰা কৰিছিল । দুৰ্ভাগ্যজনক ভাবে আজি দুটা দিন উকলি যোৱাৰ পাছতো পিতৃ গৃহত উপস্থিত নহ'লগৈ ৰোগাক্ৰান্ত লক্ষী চেতিয়া বৰুৱা।
ঘটনা সন্দৰ্ভত কৰ্মসূত্ৰে পঞ্জাৱত থকা স্বামী ক্ষীৰানন্দ বৰুৱা ঘৰলৈ উভতিছে । ইপিনে ঘিলামৰা আৰক্ষীৰ ভূমিকাত ক্ষুণ্ণ এজাহাৰকাৰী লক্ষীৰ পিতৃ । ঘিলামৰা আৰক্ষীয়ে এই সন্দৰ্ভত যথোচিত গুৰুত্ব নিদিয়া বুলি অভিযোগ কৰি দুৰ্ভগীয়া পিতৃ মাতৃয়ে কোনো সদাশয় ব্যক্তিয়ে যদি বোৱাৰী গৰাকী খবৰ পাই তেন্তে 9678509588 আৰু 8486518774 ফোন নম্বৰত যোগাযোগ অথবা সমীপৰ থানাত গতাই দিয়াৰ সানুনয় আহ্বান জনাইছে।
আৰু পঢ়ক: ৰংবং তেৰাঙলৈ কটন বিশ্ববিদ্যালয়ৰ সন্মানীয় ডি.লিট…