ৰংবং তেৰাঙলৈ কটন বিশ্ববিদ্যালয়ৰ সন্মানীয় ডি.লিট…

ৰংবং তেৰাঙলৈ কটন বিশ্ববিদ্যালয়ৰ সন্মানীয় ডি.লিট…

ডিজিটেল ডেস্কঃ কটন বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাৱৰ্তনত বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙলৈ আগবঢ়োৱা হয় সন্মানীয় ডি.লিট। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই সমাৱৰ্তনত বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে ৰংবং তেৰাঙলৈ আগবঢ়ায় এই সন্মান।

হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বসুথকৰ জগদেশ্বৰ ৰাৱে ভাষণ প্ৰদান কৰা এই সমাৱৰ্তনত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। সমাৱৰ্তনত ১০৩৫ গৰাকী শিক্ষাৰ্থীক আচাৰ্যই তেওঁলোকে লাভ কৰা ডিগ্ৰীসমূহ প্ৰদান কৰাৰ আৰু ৫৭ জন শিক্ষাৰ্থীক সোণৰ পদক প্ৰদান কৰে। আনহাতে এই সমাৱৰ্তনতে ১১ জন শিক্ষাৰ্থীক বিভিন্ন শাখাত ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in