কাৰ্যালয়ত প্ৰৱেশ কৰি কোম্পানীৰ MD আৰু CEO ক হানি-খুচি হত্যা প্ৰাক্তন কৰ্মচাৰীৰ

কৰ্ণাটকৰ ৰাজধানী তথা আইটি হাব বাংগালুৰুত সংঘটিত হোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে চহৰখনক

author-image
Asomiya Pratidin
New Update
কাৰ্যালয়ত প্ৰৱেশ কৰি কোম্পানীৰ MD আৰু CEO ক হানি-খুচি হত্যা প্ৰাক্তন কৰ্মচাৰীৰ

ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ ৰাজধানী তথা আইটি হাব বাংগালুৰুত সংঘটিত হোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে চহৰখনক। প্ৰায় এবছৰ পূৰ্বে প্ৰতিষ্ঠা কৰা প্ৰযুক্তি প্ৰতিষ্ঠান এৰোনিক্স ইণ্টাৰনেটৰ পৰিচালনা সঞ্চালক (এমডি) আৰু মুখ্য কাৰ্যবাহী বিষয়া (চিইও)ক হত্যা কৰে প্ৰাক্তন কৰ্মচাৰীয়ে।

Advertisment

অভিযোগ অনুসৰি অভিযুক্তই মঙলবাৰে দিন দুপৰতে কাৰ্যালয়ত প্ৰৱেশ কৰি তৰোৱালেৰে হানি খুচি এই হত্যাকাণ্ড সংঘটিত কৰিছিল। এমডি ফনিন্দ্ৰ সুব্ৰমনিয়াম আৰু চিইঅ বীনু কুমাৰক চিকিৎসালয়লৈ  লৈ যোৱাৰ পথত মৃত্যু হয়।

অভিযুক্ত ফেলিক্স নামৰ যুৱকজনে পূৰ্বতে এৰোনিক্স ইণ্টাৰনেটত কাম কৰিছিল। তেওঁ চাকৰি এৰি নিজাকৈ কাম কৰা আৰম্ভ কৰিছিল। কিন্তু তেওঁৰ কামত ভুক্তভোগী দুজনে বাধাৰ সৃষ্টি কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। যাৰ বাবে ক্ষোভিত হৈ ফেলিক্সে দিন দুপৰতে এই হত্যাকাণ্ড কৰা বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে।

 আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ফেলিক্সৰ লগত আন দুজনেও লগ দিছিল। বৰ্তমান আটাইকেইজন পলাতক অৱস্থাত আছে আৰু আৰক্ষীয়ে তেওঁলোকক আটক কৰিবলৈ চেষ্টা চলাই আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Also Read: কৰ্কট ৰোগৰ ঔষধত আৰোপ নহয় GST আনহাতে ২৮ শতাংশ কৰ বৃদ্ধি অনলাইন গেম, ঘোঁৰা দৌৰ আদিত

bengaluru