গোগামুখ আৰক্ষীৰ জালত শিক্ষকসহ চোৰাং চিমেণ্টৰ ২ ক্রেতা-বিক্রেতা

গোগামুখ আৰক্ষীৰ জালত শিক্ষকসহ চোৰাং চিমেণ্টৰ ২ ক্রেতা-বিক্রেতা

ডিজিটেল সংবাদ, ঢকুৱাখনা:  "সস্তাত পাই বস্তাত ভৰোৱা" চৰিত্ৰৰ বাবে ৰঙাঘৰৰ আলহী হ'ব লগা হ'ল ধেমাজিৰ এগৰাকী শিক্ষকসহ দুই মুনাফালোভী ব্যক্তি।  গোগামুখ আৰক্ষীয়ে ধেমাজি জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ৰ অন্তৰ্গত ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা খলিহামাৰী গাঁওৰ সুনীল গগৈ আৰু মধ্যভোগী ৰাজীৱ বৰুৱাক বুধবাৰে গোগামুখ থানাৰ পঞ্জিভূত গোচৰৰ ভিত্তিত গোগামুখ আৰক্ষীয়ে আটক কৰিছে।

ঘটনাৰ বিৱৰণী অনুসৰি চোৰাং ভাৱে বজাৰ দৰতকৈ অতি কম দামত এখন ট্ৰাকৰ পৰা ষ্টাৰ চিমেণ্ট গোপনে ক্ৰয় কৰি ৰঙাঘৰৰ আলহী হ'ব লগা হৈছে এই দুই মুনাফালোভী । উল্লেখ্য যে ২১ জানুৱাৰীত গোগামুখ -ঘিলামৰা ৰাজ্যিক লোকনিৰ্মান পথৰ এক স্থানত এ এছ ০১-কিউ চি -০৮৭৯ নম্বৰৰ ট্ৰাকখনৰ পৰা দিনৰ পোহৰতে মুকলিকৈ  প্ৰতি বেগত ৩০০ টকা দৰত ষ্টাৰ চিমেণ্ট বিক্ৰী কৰি আছিল। এই সমগ্ৰ কাণ্ড "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ অনুসন্ধান কালত পোহৰলৈ আহিছিল। গুৱাহাটীৰ পৰা লখিমপুৰ নগৰৰ জগদম্বা হাৰ্ডৱেৰ ষ্টৰলৈ চালান থকা এই প্ৰায় ১০০০ বেগ চিমেণ্ট ভৰ্তি ট্ৰাকখন ঘিলামৰাৰ পি চি ষ্টৰত খালি কৰিব লাগিছিল ।

কিন্তু চালক মনোজ বৰাই চোৰাং ভাবে উক্ত ট্ৰাকখনৰ পৰা প্ৰায় ৩০০বেগ চিমেণ্ট গোগামুখ আৰু ঘিলামৰাত এচাম চোৰাং ক্রেতাক বিক্ৰী কৰি ৯০ হাজাৰ টকা সংগ্ৰহ কৰি উধাও হয়।  এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ তৰফৰ পৰা ট্ৰেন্সপোৰ্ট গোষ্ঠীৰ লগত যোগাযোগ কৰাত এই ট্ৰাকখনৰ স্বত্বাধিকাৰী আহি পৰৱৰ্তী দিনত ঢকুৱাখনাত উপস্থিত হয়।

গোগামুখ থানাৰ অন্তৰ্গত স্থানৰ লগতে  ঘিলামৰা থানাৰ অন্তৰ্গত এক স্থানটো এই চোৰাং চিমেণ্টৰ মুকলি বেহা চলাই পৰৱৰ্তী সময়ত ট্ৰাকখন ঘিলামৰা থানাৰ প্ৰায় সন্মুখত এৰি চালক উধাও হৈছিল । এই সন্দৰ্ভত ট্ৰাকৰ স্বত্বাধিকাৰীযে ঘিলামৰা থানাত এজাহাৰ দাখিল কৰাৰ পাছত ঘিলামৰা থানাই গোচৰ ল'বলৈ অস্বীকাৰ কৰি  বিমুখ কৰিছিল। পৰৱৰ্তী সময়ত গোগামুখ থানাত গোচৰ ৰুজু কৰিছিল স্বত্বাধিকাৰী পক্ষই। এই  অবৈধ চোৰাং  বেহাৰ সমগ্ৰ দৃশ্য অসমীয়া প্ৰতিদিনৰ কেমেৰাত বন্দী হোৱাৰ স্বত্তেও ঘিলামৰা আৰক্ষীয়ে নিজৰ এলেকাৰ নহয় বুলি বিতৰ্কিত ভূমিকা প্ৰদৰ্শন কৰি বিমুখ কৰিছিল ।

কিন্তু এই সন্দৰ্ভত বাতৰি প্ৰকাশৰ পাছতেই গোগামুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ দলেৰ নেতৃত্বত জোৰদাৰ তদন্ত আৰম্ভ হয় । তদন্তৰ কালত মঙলবাৰে নিশা গোগামুখ আৰক্ষীযে খলিহামাৰী গাঁওৰ সুনীল গগৈ আৰু ৰাজীৱ বৰুৱাক আটক কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত তথ্য মতে ধৃত সুনীল গগৈ পেছাত শিক্ষক যদিও খলিহামাৰী অঞ্চলটোৰ এখন বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সতে জড়িত ।

পশ্চিম ধেমাজিৰ মধ্যভোগী ৰাজীৱ বৰুৱাই এই চোৰাং বেহাৰ চিমেণ্ট  যোগান ধৰিছিল গগৈক ।সেয়ে দুয়োকে আৰক্ষীয়ে আটক কৰিছে । ধেমাজি জিলাৰ গোগামুখ আৰক্ষী থানাত পঞ্জীভূত গোচৰ নং ০৬/২৪ অধীনত ভাৰতীয় দণ্ডবিধি আইন ৩৭৯  ধাৰাৰ ভিত্তিত দুয়োকে  সম্প্ৰতি গোগামুখ আৰক্ষী থানাত আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

আনহাতে ঘিলামৰা থানাৰ বিতৰ্কিত ভাৰপ্ৰাপ্ত বিষয়া নাচিৰ খানৰ অবিবেচকী নীতিৰ সন্দৰ্ভত লখিমপুৰ জিলাৰ নব নিযুক্ত আৰক্ষী অধীক্ষকৰ হস্তক্ষেপ ৰাইজে কামনা কৰিছে।

গোগামুখ আৰক্ষীৰ জালত শিক্ষকসহ চোৰাং চিমেণ্টৰ ২ ক্রেতা-বিক্রেতা
কংগ্ৰেছৰ আশাত যৱনিকা!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in