বটদ্ৰৱা সাংবাদিক সন্থাৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শতাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা…

বটদ্ৰৱা সাংবাদিক সন্থাৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শতাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা…

author-image
asomiyapratidin
New Update
বটদ্ৰৱা সাংবাদিক সন্থাৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শতাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা…

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ বটদ্ৰৱা সাংবাদিক সন্থাৰ উদ্যোগত দেওবাৰে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ শতাধিক ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। বটদ্ৰৱা সাংবাদিক সন্থাৰ সভাপতি নিতুমনি গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিত নিমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকি সাহিত্যিক, কৃৰ্তি শিক্ষক দিলীপ কুমাৰ নাথে শিক্ষা আৰু জ্ঞান এইদুইটাৰ আহৰন কৰি বিদ্যালাভ কৰি ছাত্ৰ ছাত্ৰী সকলক অকল পুথিগত শিক্ষাৰ বাহিৰেও নৈতিক শিক্ষাৰে শিক্ষিত হৈ সমাজত এজন সফল নাগৰিক হবলৈ শুভাশিস প্ৰদান কৰে।

Advertisment

বটদ্রৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয় পেক্ষাগৃহত বটদ্ৰৱা সাংবাদিক সন্থাৰ সম্পাদক মাজিদুল ইছলামে আঁত ধৰা অনুষ্ঠানটিত ধনীয়াভেটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰফিকুল ইছলাম, বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ৰ অধ্যাপক শ্বৰিফুল ইছলাম, বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীত লাহনকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষন প্ৰদান কৰে।

আলিটাঙনী আৰ্দশ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ৰুফুল আমিন, আলিটাঙণি হাইস্কুলৰ প্ৰধান শিক্ষক আবুল বাশ্বাৰ, সমাজকৰ্মী দীপক কৰকে আদি কৰি শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শতাধিক ছাত্ৰ ছাত্ৰীক গামোচা, কিতাপৰ টোপোলা, ফাইল কভাৰ, কলম আৰু একোটাকৈ নিম গছ পুলিৰে সম্বৰ্ধনা জনোৱা হয়।

আৰু পঢ়ক: ৰিপুন বৰাৰ ওপৰত অসন্তুষ্ট, তৃণমূল কংগ্ৰেছ এৰিলে সাধাৰন সম্পাদক চিত্ত ৰঞ্জন পালে…

assam batadrava