ঢকুৱাখনাত ধুমুহাৰ তাণ্ডৱ, ঢকুৱাখনা-ডিব্ৰুগড় সংযোগী পথ বন্ধ…

ঢকুৱাখনাত ধুমুহাৰ তাণ্ডৱ, ঢকুৱাখনা-ডিব্ৰুগড় সংযোগী পথ বন্ধ…

author-image
asomiyapratidin
New Update
ঢকুৱাখনাত ধুমুহাৰ তাণ্ডৱ, ঢকুৱাখনা-ডিব্ৰুগড় সংযোগী পথ বন্ধ…

ডিজিটেল সংবাদ ,ঢকুৱাখনা : এজাক মুষলধাৰ বৰষুণ আৰু বিধ্বংসী ধুমুহাই ধুই থৈ গ'ল ঢকুৱাখনা ৰাজহ চক্ৰৰ অন্তৰ্গত গোবিন্দপুৰ পানী গাঁও অঞ্চল।  দেওবাৰৰ পুৱতি নিশা প্ৰায় ৩.৪৫ বজাত অহা বৰষুণত এই নিৰ্মম প্ৰাকৃতিক বিপৰ্যয় ঘটে। মুষলধাৰ বৰষুণৰ সমান্তৰালকৈ অহা  বিজুলী ঢেৰেকণি আৰু পাছলৈ অহা প্ৰবল বেগী ধুমুহাই তাণ্ডৱ চলালে দেউলিয়া গোবিন্দপুৰ লাটৰ পানী গাঁও, গোবিন্দপুৰ গুৱাল গাঁও অঞ্চলত।

Advertisment

ধুমুহাৰ তীব্ৰতা ইমানেই বেছি আছিল যে পানী গাঁও চৰকাৰী ৰেচম ফাৰ্মৰ ২০-২৫ জোপা বৃহৎ বৃহৎ চুম গছ উভালি ঢকুৱাখনা-মাছখোৱা গড়কাপ্তানী পথৰ ওপৰত পৰি পথ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে।  পৰিণতিত সুদীর্ঘ সময় ধৰি এই অতি ব্যস্ত পথটোৰে যাতায়ত  বিচ্ছিন্ন হৈ পৰে । তাৰোপৰি মুগা ফাৰ্মখনৰ  চাৰি শতাধিক চুম গছ ভাঙি সমূলঞ্চে তচনচ কৰাৰ সমান্তৰাল ভাৱে সমীপৰ পানী গাঁও, গুৱাল গাঁও , গোবিন্দপুৰকে ধৰি পাৰ্শ্বৱৰ্তী গাঁও সমূহৰ অৰ্ধ শতাধিক বাসগৃহ, গোহালি, বাৰীৰ গছ, দোকান পোহাৰৰ বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে ৰেচম বিভাগৰ বহু সংখ্যক নথিপত্ৰ বিনষ্ট কৰে ।

পুৱতি নিশা অহা এইজাক প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱৰ বাবে ঢকুৱাখনা-মাছখোৱা হৈ ডিব্ৰুগড় অভিমুখী বিভিন্ন চৰকাৰী-বেচৰকাৰী যান বাহনৰ চলাচল বন্ধ হৈ থাকিব লগা পৰিস্থিতিৰ উদ্ভৱ হয়।  ভূক্তভোগী ৰাইজে ধুমুহা বিধ্বস্ত পৰিয়াল সমূহৰ জৰীপ কৰি এককালীন অৰ্থ সাহায্য প্ৰদান কৰাৰ লগতে বিধ্বস্ত মুগা ফাৰ্মখন  ৰেচম পালনৰ উপযোগী কৰি তুলিবলৈ চৰকাৰক আহ্বান জনায় । মহকুমা প্ৰশাসনে বন্ধ পথটো এক্সকেভেটৰ লগাই পুনৰ যাতায়তৰ বাবে মুকলি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ।

আৰু পঢ়ক : হাটশিঙিমাৰীত এ.আই.ইউ.ডি.এফৰ কৰ্মী সভা…

assam Assam police himanta biswa sarma dhakuakhana