হাটশিঙিমাৰীত এ.আই.ইউ.ডি.এফৰ কৰ্মী সভা…

হাটশিঙিমাৰীত এ.আই.ইউ.ডি.এফৰ কৰ্মী সভা…

প্ৰতিদিন ডিজিটেল সংবাদ, মানকাচৰ : হাটশিঙিমাৰীত এ আই ইউ ডি এফৰ কৰ্মী সভা । ১৪ মাহে বিধায়ক আমিনুল ইছলামৰ কামৰ খতিয়ানক পৰ্যালোচনা । আগন্তক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি ল'বলৈ কৰ্মীক আহ্বান বিধায়ক আমিনুল ইছলামৰ। লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত দেওবাৰে এ আই ইউ ডি এফৰ মানকাচৰ জিলা সমিতিয়ে হাটশিঙিমাৰী কনিষ্ঠ মহাবিদ্যালয়ত এখন কৰ্মী সভাৰ আয়োজন কৰে।

জিলা সভাপতি নজমুল আৰপিনৰ সভাপতিত্বত অনুষ্ঠিত এই কৰ্মী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক আমিনুল ইছলাম। প্ৰায় পাঁচ শতাধিক এ আই ইউ ডি এফ কৰ্মী এই সভাত উপস্থিত থাকে। মুখ্য অতিথি হিচাপে উপস্থিত থকা বিধায়ক আমিনুল ইছলাম বিধায়ক নিৰ্বাচন হোৱাৰ পাছত বিগত ১৪ টা মাহে সমষ্টিৰ বাবে কি কি কৰিলে আৰু অনাগত দিনত কি কৰিব তাক কৈ কৰ্মী সকলৰে পৰ্যালোচনা কৰা হয়।

সভাৰ আৰম্ভণিতে বিধায়ক গৰাকীয়ে নিজেই কৰ্মী সকলক কামৰ খতিয়ান দাঙি ধৰি অনাগত দিনত কি কি কৰাৰ পৰিকল্পনা কৰিছে সেয়া অৱগত কৰে। কৰ্মী সকলেও নিজৰ নিজৰ এলেকাত থকা সমস্যাৰ বিষয়ে প্ৰকাশ কৰি ৰাইজৰ সুবিধাৰ বাবে সোনকালে সমস্যা সমাধান কৰাৰ আহ্বান জনায়।

লোকসভা আৰু পাঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি আহিছে। এই সময়ছোৱাত কৰ্মী সকল যাতে দলৰ পৰা ফালৰি কাটি নাযায় তাৰ বাবে জিলা সমিতিয়ে উপযুক্ত সময়ত কৰ্মী সভাৰ আয়োজন কৰি এইদৰে দল শক্তিশালী কৰাৰ কৌশল অৱলম্বন কৰিছে। নিৰ্বাচনৰ বাবে কৰ্মী সকলক প্ৰস্তুতি চলাবলৈ বিধায়ক গৰাকীয়ে আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in