চিআইডিয়ে গ্ৰেপ্তাৰ কৰিলে DSP পুস্কল গগৈক...

অৱশেষত গ্ৰেপ্তাৰ বিতৰ্কিত ডিএছপি পুস্কল গগৈ। চুুপাৰী চিণ্ডিকেটৰ ব্যৱসায়ীত ধন দাবী কৰাৰ অভিযোগত আটক হৈছিল পুস্কল গগৈ

author-image
Asomiya Pratidin
New Update
চিআইডিয়ে গ্ৰেপ্তাৰ কৰিলে DSP পুস্কল গগৈক...

ডিজিটেল ডেস্কঃ অৱশেষত গ্ৰেপ্তাৰ বিতৰ্কিত ডিএছপি পুস্কল গগৈ। চুুপাৰী চিণ্ডিকেটৰ ব্যৱসায়ীত ধন দাবী কৰাৰ অভিযোগত আটক হৈছিল পুস্কল গগৈ। ৩ দিন ধৰি চলা মাৰাথান জেৰাৰ অন্তত সোমবাৰে চিআইডিয়ে গ্ৰেপ্তাৰ কৰে গগৈক।

Advertisment

উল্লেখ্য যে, চুপাৰি ব্যৱসায়িক অসম আৰক্ষীয়ে ৫ কোটি টকা ধন দাবী কৰাৰ কথা পোহৰলৈ আহিছিল। চুপাৰী চিণ্ডিকেটত নাম সাঙোৰ খাইছিল বজালী আৰক্ষীৰ ৭ জনকৈ আৰক্ষীৰ।

তাৰপাছতে চিআইডিয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰিছিল-  ভৱানীপুৰ আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দেৱজিৎ গিৰি, পাটাছাৰকুছি থানাৰ সহকাৰী উপ-পৰিদৰ্শক শশাংক দাস,ASP গায়ত্রী সোণোৱালৰ দেহৰক্ষী ABC ইনাজামামুল হাছান,গাড়ী চালক দ্বিপজয় ৰয়, বজালীৰ আৰক্ষী অধীক্ষকৰ অংশকালীন চালক হোমগাৰ্ড নাবিৰ আহমেদত ।

দেওবাৰে বজালীৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্রী সোণোৱালক স্বামীসহ গ্রেপ্তাৰ কৰাৰ পিছত আজি আৰক্ষীয়ে পুস্কল গগৈক গ্ৰেপ্তাৰ কৰে। এই ঘটনাত আৰু কেইবাগৰাকী আৰক্ষীৰ নাম সাঙোৰ খোৱাৰ সম্ভাৱণা আছে।ঘটনা সন্দৰ্ভত চিআই ডিয়ে তদন্ত অব্যাহত ৰাখিছে।

এইগৰাকী ডিএছপিৰ বিৰুদ্ধে বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগো আছে। APSC কেলেংকাৰীতো জড়িত থকাৰ অভিযোগ এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে।

Also Read: মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথিঃ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত সত্ৰভূমি মাজুলী

Assam police