
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা সদৰৰ এটা অতি ব্যস্ত লোকনিৰ্মাণ বিভাগৰ পথৰ দুৰৱস্থাই জীয়া যন্ত্ৰণা ভোগাই আহিছে সৰ্ব সাধাৰণ নাগৰিকক।
ঢকুৱাখনা মহকুমাধিপতিৰ কাৰ্য্যালয় সংযোগী ২নং হিলৈদাৰী গাঁওৰ পৰা দীঘলা গাঁওৰ এই বিস্তীৰ্ণ পথছোৱাত সৃষ্টি হোৱা দ গাঁত আৰু পথ চোৱা জহি খহি উচন যোৱাৰ ফলত যাতায়ত বিপদাপন্ন হোৱাই নহয় পথচাৰীলৈ নামি আহিছে ভয়ংকৰ সংকট। স্থানীয় ভুক্তভোগী ৰাইজে অভিযোগ কৰা মতে সুদীর্ঘ কাল ধৰি ব্যস্ততাপূৰ্ণ এই পথ চোৱা যাতায়তৰ অনুপযোগী হৈ মৰণ ফাণ্ড সদৃশ ৰূপ লৈ পৰি আছে ।
লোক নিৰ্মাণ বিভাগৰ মেৰামতিৰ অভাৱত জৰাজীৰ্ণ ৰূপ লোৱা এই গুৰুত্বপূৰ্ণ বিবেচিত পথচোৱাৰে যাতায়ত কৰা বহু সংখ্যক পথচাৰী ইতিপূৰ্বে দুৰ্ঘটনাত পতিত হৈ আহত হবলগীয়া হৈছে। মহকুমা প্ৰশাসন আৰু লোক নিৰ্মাণ বিভাগৰ সকলো শীর্ষ বিষয়া এই উচন যোৱা পথেৰে যাতায়ত কৰি আহিছে যদিও পথছোৱা যাতায়তৰ সুচল কৰি তুলিবলৈ কোনো পক্ষৰ মৰটোপনি ভগা নাই ।
দৈনিক শ শ ব্যক্তিগত আৰু বাণিজ্যিক যান বাহনৰ লগতে ছাত্ৰ ছাত্ৰীয়ে চলাচল কৰা এই পথ চোৱাৰ এনে জৰাজীৰ্ণ অৱস্থা অৱসান ঘটাই পথচাৰী আৰু নাগৰিকৰ জীৱন সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰিবলৈ দাবী জনাইছে স্থানীয় ভুক্তভোগী ৰাইজৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজু ৰাজ বৰপাত্ৰ গোঁহায়ে।
পথছোৱা নিৰ্মাণ আৰু মেৰামতি কৰাৰ নামত বিধায়কৰ ঘনিষ্ঠ এজন অৰ্থলোভী ঠিকাদাৰে অতি নিম্ন মানৰ কামেৰে বিভাগীয় পুঁজি সৰকাই নিয়াৰ বাবেই এনে চৰম দুৰ্ভোগ নাগৰিকে ভোগ কৰিব লগীয়া হোৱা বুলি ৰাজহুৱা অভিযোগ উত্থাপন কৰি তৎকালে জৰাজীৰ্ণ ৰূপ লোৱা পথছোৱা যাতায়তৰ উপযোগী কৰি নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰি এইক্ষেত্ৰত সাংসদ প্ৰদান বৰুৱা, বিধায়ক নৱ কুমাৰ দলে আৰু মহকুমাধিপতি অৰিন্দম বৰুৱাক যথোচিত গুৰুত্ব আৰোপ কৰাৰ বাবে একেমুখে দাবী জনাইছে।