ঢকুৱাখনাৰ শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ত বলি বিধানেৰে মহাষ্টমী পূজা

ঢকুৱাখনা মহকুমাৰ দেৱলীয়া গাঁওৰ ঢকুৱাখনা জানৰ পাৰৰ প্ৰায় ৫বিঘা দেৱোত্তৰ ভূমিত অৱস্থিত ৩০০ শতিকা গৰকা এইখন ঐতিহাসিক শক্তি পীঠ।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাৰ শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ত বলি বিধানেৰে মহাষ্টমী পূজা

ডিজিটেল সংবাদ, ঢকুৱাখনা: উত্তৰ অসমৰ শাক্তধর্মী ভক্ত প্ৰাণ ৰাইজৰ  মূল আৰাধ্য পীঠ শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয় । ঢকুৱাখনা মহকুমাৰ দেৱলীয়া গাঁওৰ ঢকুৱাখনা জানৰ পাৰৰ প্ৰায় ৫বিঘা দেৱোত্তৰ ভূমিত অৱস্থিত ৩০০ শতিকা গৰকা এইখন ঐতিহাসিক শক্তি পীঠ।

Advertisment

১৭২২ খ্ৰীষ্টাব্দত আহোম ৰাজত্ব কালত প্ৰাণ প্ৰতিষ্ঠা হোৱা এই শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয় শদিয়াৰ কেঁচাইখাতি গোঁসানীৰ বিগ্ৰহ স্থাপনেৰে তিনি শতিকা জুৰি পূজন অৰ্চন কৰি অহা হৈছে । ভক্তপ্ৰাণ ৰাইজৰ মাজত গোঁসানী থান হিচাবে পৰিচিত এই শক্তি পীঠত পৰম্পৰা মানি এইবাৰো ব্যাপক আয়োজন চলিছে শক্তিৰ অধিস্থাত্ৰী দেৱী শ্ৰী শ্ৰী দুৰ্গাদেৱীৰ পূজা অৰ্চনাৰ ।

ভক্তপ্ৰাণ ৰাইজৰ স্তুতি বন্দনাৰে মহালয়াৰ পবিত্ৰ দিনা  দেৱীক মৈত্যলৈ  কৈলাশৰ পৰা আমন্ত্ৰণ কৰি অনাৰ পাছত দেওবাৰে মহা অষ্টমীৰ পূজা আৰম্ভ হৈছে। মহা অষ্টমীৰ পুৱাৰ পৰাই অগণন সেৱকী আৰু ভক্তৰ আগমনত উদুলি মুদুলি পৰিবেশৰ সৃষ্টি।হৈছে ঐতিহাসিক থান প্ৰাঙ্গন। ডবা, ভোৰ তাল ঢোল ,তাল, গায়ন বায়নৰ ছন্দোময়তাত মুঠ ১০গৰাকী "আই" আৰু এগৰাকী বয়স্ক দেওৱে দেও নৃত্য কৰি এক শিহৰণকাৰী পৰিবেশৰ সৃষ্টি কৰিছে ।

পুৱাৰ পৰা থানলৈ আগমন ঘটা সেৱকীৰ উৎসৰ্গিত শ শ  হাঁহ ছাগলী ,কোমোৰা, কুঁহিয়াৰ, আদি বলি দি দেৱী বন্দনা কৰা হয় । মহাষ্টমীৰ বিয়লি বিগত প্ৰায় তিনি শতিকা জোৰা পৰম্পৰা অব্যাহত ৰাখি ২ টা গুণা মহ বলি দিব বুলি জানিবলৈ দিয়ে পৰিচালনা সমিতিৰ সভাপতি মুনিন বৰঠাকুৰে ।

মহকুমাটোৰ অন্য পূজা মণ্ডপ সমূহতো ভিন্ন জিলাৰ হাজাৰ বিজাৰ দৰ্শকে মনোবাঞ্চা পূৰণৰ হেতু দেৱীলৈ হাঁহ ,ছাগলী আদিৰ শৰাই আগবঢ়াবলৈ প্ৰচণ্ড ভিৰ কৰা দৃষ্টিগোচৰ হয় । পৰিচালনা সমিতিৰ সম্পাদক মোহিনী শইকীয়াই জনোৱা মতে এইবাৰ ঐতিহাসিক গোঁসানী থানত মুঠ ১০ গৰাকী  আই দেও উঠি পুৱাৰ পৰাই দেও নৃত্য কৰি হাঁহৰ ৰক্ত পান কৰি নতুন মাত্ৰা প্ৰদান কৰিছে । বিয়লিলৈ দুটা গুনা মহ বলি দি দেৱী গোঁসানীৰ মহাষ্টমী পূজন কৰা হ'ব ।

Also Read: মহিলাক মৰিয়াই মৰিয়াই হত্যা দুৰ্বৃত্তৰ

durga puja