অৱসৰী অধ্যাপক যোগানন্দ বৰা অসম আবৃত্তি মঞ্চৰ সভাপতি নিৰ্বাচিত

অৱসৰী অধ্যাপক যোগানন্দ বৰা অসম আবৃত্তি মঞ্চৰ সভাপতি নিৰ্বাচিত

author-image
Asomiya Pratidin
New Update
অৱসৰী অধ্যাপক যোগানন্দ বৰা অসম আবৃত্তি মঞ্চৰ সভাপতি নিৰ্বাচিত

ডিজিটেল সংবাদ, যোৰহাটঃ বিশিষ্ট আবৃত্তিকাৰ, আবৃত্তিৰ গৱেষক, আবৃত্তি শিল্পী, আবৃত্তি অনুৰাগী আদি সকলোকে একত্ৰিত কৰি ২০১৬ বৰ্ষত প্ৰতিষ্ঠা লাভ কৰা কাব্য কানন সমূহৰ একত্ৰিত অনুষ্ঠান অসম আবৃত্তি মঞ্চৰ তৃতীয় গৰাকী সভাপতি হিচাপে আজি যোগানন্দ বৰাই দায়িত্ব গ্ৰহণ কৰে। দেওবাৰে যোৰহাটত অনুষ্ঠিত এক গাম্ভীযপূৰ্ণ অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধি সকলৰ উপস্থিতিত অসম আবৃত্তি মঞ্চৰ সভাপতি তেজপুৰৰ অৰুন্ধতী পদ্মপতিয়ে যোগানন্দ বৰাক সভাপতিৰ দায়িত্ব অৰ্পণ কৰে।

উল্লেখযোগ্য যে অসমত আনুষ্ঠানিক আৰু পাঠ্যক্ৰম ভিত্তিক আবৃত্তি শিক্ষণ তথা আবৃত্তিৰ জৰিয়তে ভাষা শিক্ষনৰ প্ৰায় দুকুৰিৰো অধিক বিদ্যালয়ত হাজাৰৰোধিক ছাত্ৰ ছাত্ৰীৰ য়ে আবৃত্তিৰ শিক্ষা গ্ৰহণ কৰি আছে। অনুষ্ঠানটোৱে প্ৰতি বছৰে আবৃত্তি বাৰ্তা শীৰ্ষক অসমৰ আবৃত্তি বিষয়ক একমাত্ৰ বাৰ্তালোচনী এখনো প্ৰকাশ কৰি আহিছে। আজিৰ অনুষ্ঠানত অসম আবৃত্তি মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি শান্তিছায়া শইকীয়া, প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক প্ৰণৱ কুমাৰ বৰপাত্ৰগোহাঞি, বৰ্তমানৰ সম্পাদক ৰাজীৱ বল্লভ গোস্বামী আদি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Also Read:  কামপুৰত হাৰিয়া নৈত গা ধুবলৈ গৈ শিশুৰ সলিল সমাধি